November 11, 2024 8:40 PM

views 12

অসম চৰকাৰ, কেন্দ্ৰীয় সামর্থবর্ধন আয়োগ আৰু কৰ্মযোগী ভাৰতৰ মাজত ত্রিপাক্ষিক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত

ৰাজ্যখনৰ অসামৰিক সেৱাৰ বিষয়াসকলৰ সামৰ্থবৰ্ধনৰ লক্ষ্যৰে আজি অসম চৰকাৰ আৰু কেন্দ্ৰীয় সামর্থবর্ধন আয়োগ অৰ্থাৎ চি বি চি আৰু কৰ্মযোগী ভাৰত অৰ্থাৎ‍ এছ পি ভিৰ মাজত এখন ত্রিপাক্ষিক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। আজি অসম সচিবালয়ত স্বাক্ষৰিত এই ত্রিপাক্ষিক চুক্তিৰ অধীনত অসমৰ অসামৰিক সেৱাৰ বিষয়াসকলক নীতি-নিৰ্দেশনামূলক ভূমিকাৰ পৰিৱৰ্তে কৰ্ম নিৰ্ধাৰকৰ ভূমিকা লোৱা আৰু তথ্য প্ৰযুক্তিৰ ব্যৱহাৰেৰে কৰ্ম দক্ষতা বৃদ্ধিৰ প্ৰয়াস চলোৱা হ'ব। অসম চৰকাৰৰ হৈ মুখ্য সচিব ড০ ৰবি কোটা আৰু কৰ্মযোগী ভাৰতৰ মুখ্য কাৰ্যবাহ...