February 3, 2025 8:00 PM February 3, 2025 8:00 PM

views 4

ৰাজ্যসভাত সদনৰ যুটীয়া অধিবেশনত ৰাষ্ট্ৰপতিৰ অভিভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা

ৰাজ্যসভাত আজি সদনৰ যুটীয়া অধিবেশনত ৰাষ্ট্ৰপতিৰ অভিভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা কৰা হয়। বিজেপিৰ সদস্য কিৰণ চৌধুৰীয়ে কয়, যে চৰকাৰে কৃষকসকলৰ উপাৰ্জন দুগুণ কৰাৰ উদ্দেশ্যে উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ লগতে কয়, যে দেশ সম্প্রতি প্রকৃত অৰ্থত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে আগবাঢ়িছে। বিৰোধী নেতা কংগ্ৰেছৰ মল্লিকার্জুন খাৰ্গে নিবনুৱা সমস্যা, সামগ্ৰীৰ মূল্যবৃদ্ধি তথা মার্কিন ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্ৰাৰ মূল্য হ্ৰাস হোৱাৰ বিষয়ে উত্থাপন কৰে। তেওঁ চৰকাৰক বছৰি ২ কোটি লো...