February 21, 2025 6:49 PM
19
ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস পালন
ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস পালন কৰা হয়। ভাষিক-সাংস্কৃতিক বৈচিত্র্য আৰু বহুভাষাবাদৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতি বছৰে এই দিৱস পালন কৰি অহা হৈছে। নগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত আজি নৱৰূপ জাতীয় বিদ্যাপীঠৰ প্ৰেক্ষাগৃহত আয়োজিত আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱসত বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে চিৰ চেনেহী মোৰ ভাষা জননী শীৰ্ষক গীতটি পৰিৱেশন কৰে। সভাত নগাঁও মহাবিদ্যায়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° শৰৎ বৰকটকীয়ে তেওঁৰ ভাষণত কয়, যে অধিক চৰ্চা আৰু কথিত ৰূপেহে ভাষাটোক অধিকৰ সম...