October 19, 2024 7:07 PM October 19, 2024 7:07 PM
6
বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আজি দুদিনীয়া ভ্রমণসূচীৰে ইণ্ডোনেছিয়ালৈ যাব
বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আজি দুদিনীয়া ভ্রমণসূচীৰে ইণ্ডোনেছিয়ালৈ যাব। তেওঁ কাইলৈ দেশখনৰ ৰাজধানী জাকার্টাত ৰাষ্ট্ৰপতি প্ৰবোৱো সুবিয়াণ্টো আৰু উপ-ৰাষ্ট্ৰপতি জিব্রান ৰাকাবুমিং ৰাকাৰ শপতগ্রহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ভাৰত আৰু ইণ্ডোনেছিয়াই এইবছৰ দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পর্ক স্থাপনৰ ৭৫ বছৰ আৰু ভাৰতৰ পূব এছিয়াৰ দেশসমূহক গুৰুত্ব প্ৰদানৰ এক্ট ইষ্ট নীতিৰ দশকপূৰ্তি উদযাপন কৰিছে। ইণ্ডোনেছিয়া এক্ট ইষ্ট নীতিৰ এটা গুৰুত্বপূৰ্ণ স্তম্ভ। বিদেশ মন্ত্ৰ্যালয়ে কৈছে যে শপতগ্রহণ অনুষ্ঠানত শ্ৰীমাৰ...