May 17, 2025 8:58 PM

views 11

তামুলপুৰৰ ভাৰত-ভূটান সীমান্তৰ বগাজুলি দলাপাৰাত মৰ্টাৰ বিস্ফোৰণত কিশোৰ নিহত

তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ বগাজুলি দলাপাৰাত আজি সংঘটিত মৰ্টাৰ বিস্ফোৰণত এজন কিশোৰ নিহত হোৱাৰ লগতে আন এজন কিশোৰ আৰু এগৰাকী মহিলা আহত হৈছে। জানিব পৰা মতে আজি পুৱাৰ ভাগত মাছ মাৰিবলৈ গৈ মহিলাগৰাকীয়ে এটা ডোঙৰ পৰা মৰ্টাৰটো উদ্ধাৰ কৰি ঘৰলৈ আনে। কিছুসময়ৰ পাছত মৰ্টাৰটোৰ সৈতে খেলি থকা সময়ত বিস্ফোৰিত হৈ ইমা বড়ো নামৰ কিশোৰজন নিহত হয়। বিস্ফোৰণৰ ঘটনাত মহিত বসুমতাৰী নামৰ ১০ বছৰীয়া কিশোৰ আৰু নিজৰা ৰামচিয়াৰী নামৰ মহিলাগৰাকী আহত হয়। আহত দুয়োকে উন্নত চিকিৎসাৰ বাবে নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্প...