August 27, 2025 8:15 PM

views 20

মৰিগাওঁৰ জিলা কাৰাগাৰৰ পৰা পলায়ন কৰা দুজন কয়দীক কৰ্ণাটকত পুনৰ গ্ৰেপ্তাৰ

মৰিগাওঁৰ জিলা কাৰাগাৰৰ পৰা যোৱা ২০ আগষ্টত পলায়ন কৰা দুজন কয়দীক কালি কৰ্ণাটকত পুনৰ গ্ৰেপ্তাৰ কৰা হয় ৷ মৰিগাওঁ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত কৰ্ণাটকৰ আৰক্ষীৰ সহযোগত অসম আৰক্ষীৰ দলটোৱে পলাতক জিয়াৰুল ইছলাম আৰু সুব্ৰত সৰকাৰক গ্ৰেপ্তাৰ কৰে। উল্লেখযোগ্য যে কয়দী দুজনক পকচো গোচৰত আদালতে ২০ বছৰৰ কাৰাদণ্ড বিহিছিল।

July 3, 2025 6:50 PM

views 15

মৰিগাঁও জিলাৰ বৰালীমাৰীত ব্ৰহ্মপুত্ৰৰ প্ৰবল খহনীয়াত ৬০টাৰো অধিক বাসগৃহ জাহ

মৰিগাঁও জিলাৰ লাহৰীঘাট ৰাজহ চক্ৰৰ অন্তৰ্গত বৰালীমাৰীত ব্ৰহ্মপুত্ৰৰ প্ৰবল খহনীয়াত ৬০টাৰো অধিক বাসগৃহ জাহ গৈছে। আমাৰ মৰিগাঁৱৰ সংবাদদাতাই জনোৱা মতে ব্ৰহ্মপুত্ৰৰ খহনীয়া আজি এসপ্তাহ ধৰি অব্যাহত থকাত প্ৰতিদিনে অঞ্চলটোৰ ৰাইজে মাটি ভেটি হেৰুৱাবলগীয়া হৈছে। অঞ্চলটোত থকা এটা ৩০ বছৰ পুৰণি মছজিদো জাহ গৈছে। নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু লাহৰীঘাটৰ বিধায়ক আশ্বিক নাজাৰে ইতিমধ্যে অঞ্চলটো পৰিদৰ্শন কৰি খহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছিল যদিও ই এতিয়াও কাৰ্যকৰী হোৱা নাই। জলসম্পদ বিভাগে খহনীয়া...

May 27, 2025 6:42 PM

views 19

বাণিজ্যিক বাহনৰ চলাচল আৰু পাৰ্কিঙৰ নিয়ম উলংঘাকাৰীৰ বিৰুদ্ধে মৰিগাওঁ জিলা প্ৰশাসনৰ অভিযান

বাণিজ্যিক বাহনৰ চলাচল আৰু পাৰ্কিঙৰ নিয়ম উলংঘাকাৰীৰ বিৰুদ্ধে আজি মৰিগাওঁ জিলা প্ৰশাসন আৰু আৰক্ষীয়ে যৌথভাৱে অভিযান চলায়। এই অভিযানৰ সময়ত বহু বাহনে ২০২৪ চনৰ ১৫ নৱেম্বৰত মৰিগাওঁ জিলা আয়ুক্তই জাৰি কৰা এচ. অ. পি. উলংঘা কৰা পৰিলক্ষিত হয়। প্ৰশাসনে এনে  বাহনৰ বিৰুদ্ধে যাৱতীয়  ব্যৱস্থা গ্ৰহণ কৰিব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। অভিযানকাৰী দলে জনসাধাৰণৰ জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই পথৰ দাতিত বিপদজনকভাৱে ৰখাই থোৱা কেইবাখনো বাণিজ্যিক বাহনৰ বিৰুদ্ধে জৰিমনা বিহে।

October 14, 2024 1:00 PM

views 21

দুদিনীয়া কাৰ্যসূচী ৩৬ সংখ্যক মৰিগাঁও জিলা দিৱস কাৰ্যসূচীৰ শুভাৰম্ভ

আজিৰে পৰা ৩৬ সংখ্যক মৰিগাঁও জিলা দিৱস দুদিনীয়া কাৰ্যসূচী মৰিগাঁও জিলা সদৰত আৰম্ভ হৈছে। মৰিগাঁও জিলা আয়ুক্ত আৰু জিলাখনৰ বিশিষ্ট ব্যক্তিসকলে পুৱা পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ইয়াৰ পাছতেই বিধায়ক ৰমাকান্ত দেউৰী আৰু মৰিগাঁও জিলা আয়ুক্তই বর্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰে।

September 9, 2024 6:56 PM

views 11

গ্ৰামাঞ্চলৰ মহিলাসকলৰ চৰকাৰী কল্যাণকামী আঁচনিসমূহৰ সন্দৰ্ভত মৰিগাঁওত সজাগতা সভা

ৰাষ্ট্ৰীয় গ্রামীন বিকাশ নীধিৰ উদ্যোগত গ্ৰামাঞ্চলৰ মহিলাসকলক চৰকাৰী কল্যাণকামী আঁচনিসমূহৰ সন্দৰ্ভত সজাগ কৰাৰ লক্ষ্যৰে আজি মৰিগাঁও জিলাৰ মায়ং উন্নয়ন খণ্ডত এখন সজাগতা সভা অনুষ্ঠিত হয়। উন্নয়ন খণ্ডটোৰ বিভিন্ন গাঁৱৰ অসম ৰাজ্যিক গ্রামীন জীৱীকা অভিযানৰ সখীসকলে অংশ লোৱা এই সভাত নাৱাৰ্ড আৰু অন্য বেংকৰ উপৰি কৃষি, গ্রামোন্নয়ন আদি বিভাগৰ বিষয়াসকলে অংশগ্রহণ কৰে। অনুষ্ঠানত সমল ব্যক্তিসকলে কেন্দ্ৰীয় চৰকাৰৰ কল্যাণকামী আঁচনিসমূহৰ দ্বাৰা যাতে মহিলাসকল উপকৃত হ'ব পাৰে তাৰ প্ৰতি সজাগ হ'বলৈ আহ্বান জনায়।

August 4, 2024 6:49 PM

views 26

১৮ আগষ্টত মৰিগাঁৱত মায়ং ইন্দ্ৰজাল যাদু মহোৎসৱ

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত অহা ১৮ আগষ্টত মায়ং মহাবিদ্যালয় খেলপথাৰত পোনপ্ৰথম বাৰৰ বাবে মায়ং ইন্দ্ৰজাল যাদু মহোৎসৱ অনুষ্ঠিত হ'ব। এই সন্দৰ্ভত আজি খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত এখন সংবাদ মেলত মৰিগাঁও জিলাৰ আয়ুক্ত তথা মহোৎসৱ উদযাপনৰ মুখ্য পৃষ্ঠপোষক দেৱাশীষ শৰ্মাই কাৰ্যসূচী সম্পর্কে সবিশেষ সদৰি কৰে। সংবাদ মেলক সম্বোধন কৰি শ্ৰীশৰ্মাই কয় যে অহা ১৮ আগষ্টৰ পুৱা সাংস্কৃতিক শোভাযাত্ৰাৰে যাদু মহোৎসৱৰ শুভাৰম্ভণি হ'ব। শোভাযাত্ৰাত অঞ্চলটোৰ যাদু সংস্কৃ...

June 6, 2024 8:40 PM

views 23

অহা ২০ জুনৰ ভিতৰত ঘৰে ঘৰে নলযোগে পানী যোগানৰ আঁচনিৰ কাম সম্পূৰ্ণ কৰিবলৈ মৰিগাঁও জিলাৰ আয়ুক্তৰ নিৰ্দেশ

মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই জিলাখনত জল জীৱন অভিযানৰ অধীনত ঘৰে ঘৰে নলযোগে পানী যোগানৰ আঁচনিৰ কাম অহা ২০ জুনৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ ঠিকাদাৰসকলক নিৰ্দেশ দিছে। এই নিৰ্ধাৰিত সময়ৰ ভিতৰত কাম সম্পূৰ্ণ কৰিব নোৱাৰিলে তেনে ঠিকাদাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বা কাম বাতিল কৰা হ'ব বুলি তেওঁ স্পষ্ট কৰি দিছে। জিলা আযুক্ত কাৰ্যালয়ত আয়োজিত বৈঠকত জল জীৱন অভিযানৰ অধীনত ৰূপায়িত আঁচনিসমূহৰ অগ্ৰগতিৰ বুজ লৈ তেওঁ ঠিকাদাৰসকলক অসম্পূর্ণ কামসমূহ অহা ২০ জুনৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। লগতে তেওঁ ...

May 15, 2024 8:07 PM

views 14

মৰিগাওঁ আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত ১৪টা চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ

মৰিগাওঁ আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত ১৬টা বিশেষ আৰক্ষীৰ দলে অভিযান চলাই যোৱা নিশা ১৪টা চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে গুৱাহাটীৰ পৰা দুটা অপৰাধীক গ্ৰেপ্তাৰ কৰে। ইপিনে মৰিগাঁও জিলাৰ লাহৰীঘাট আৰু ভূৰাগাঁও আৰক্ষীয়ে অভিযান চলাই ৬টাকৈ চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰিছে। যোৱা নিশা ভূৰাগাঁও আৰক্ষীৰ অভিযানত ৪টা আৰু লাহৰীঘাট আৰক্ষীৰ অভিযানত দুটা চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ হয়। অপৰাধীৰ কেইটাৰ পৰা আৰক্ষীয়ে ৩৯৬খন ছিম কার্ড, ২৫খন এটিএম কার্ড, ১৪খন চেক বুক, ৩টা লেপটপ, ৩৪ট...