October 14, 2024 7:23 PM

views 22

দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মৰিগাঁও জিলা প্ৰশাসনৰ মৰিগাঁও জিলা দিৱস উদযাপন

মৰিগাঁও জিলা প্ৰশাসনে আজিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মৰিগাঁও জিলা দিৱস উদযাপন কৰিছে। এই উপলক্ষে আজি পুৱা পতাকা উত্তোলন আৰু সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰা হয়। এইবাৰ এই দিৱসত কৃষি আৰু ইয়াৰ আনুসংগিক ক্ষেত্ৰ, উদ্যান শস্য, কলা-সংস্কৃতি আৰু আৰ্থসামাজিক প্ৰতিটো দিশ সামৰিলৈ বিকাশৰ নতুন ধাৰাৰে জিলাখনক আগবঢ়াই লৈ যোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। গৱেষণামূলক কর্মপন্থা আৰু নাগৰিকসকলৰ ঐক্যবদ্ধ প্রয়াসেৰে জিলাখনৰ উন্নয়নৰ সম্ভাৱনাসমূহ চিনাক্ত কৰাৰ বাবে এই দিৱসৰ সৈতে সংগতি ৰাখি কেতবোৰ কাৰ্যসূচী লো...

October 4, 2024 11:01 AM

views 35

৯ অক্টোবৰত পবিতৰা অভয়াৰণ্য মুকলি কৰা হ’ব

■ মৰিগাঁও জিলাৰ পবিতৰা অভয়াৰণ্যত অহা ৯ অক্টোবৰত ২০২৪ আৰু ২০২৫ পৰ্যটন বৰ্ষৰ বাবে মুকলি কৰা হ'ব। বন বিভাগৰ সূত্ৰ অনুসৰি যোৱা বৰ্ষত পবিতৰা অভয়াৰণ্যত দেশী-বিদেশী পৰ্যটকৰ পৰা অভয়াৰণ্য কর্তৃপক্ষই প্রায় ৮০ লাখ টকা ৰাজহ সংগ্ৰহ কৰিছিল। এই বৰ্ষত বন বিভাগে আৰু অধিক পৰ্যটক সমাগম হোৱাৰ লগতে অধিক ৰাজহ সংগ্ৰহ হ'ব বুলিও আশা ব্যক্ত কৰিছে।

August 31, 2024 8:30 PM

views 14

মৰিগাঁৱৰ চাৰণ বিলত পৰম্পৰাগত নাওখেল প্ৰতিযোগিতা অনুষ্ঠিত

মৰিগাঁও জিলাৰ চাৰণ বিলত আজি ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে ৰাষ্ট্ৰীয় ক্রীড়া দিৱসৰ লগত সংগতি ৰাখি আজি পৰম্পৰাগত নাওখেল প্ৰতিযোগিতা অনুষ্ঠিত কৰে। চাৰণ বিল কেন'য়িং আৰু কায়াকিং জলক্রীড়া ক্ষেত্ৰত অনুষ্ঠিত প্রতিযোগিতাখন মন্ত্রী নন্দিতা গালোচাই উদ্বোধন কৰে। অনুষ্ঠানত ক্রীড়া বিভাগৰ উচ্চ পদস্থ বিষয়াসকলৰ লগতে মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শর্মা উপস্থিত থাকে। দুটা শাখাত অনুষ্ঠিত নাওখেল প্রতিযোগিতাত মুঠ ১২টা দলে অংশগ্ৰহণ কৰে।

August 30, 2024 7:03 PM

views 18

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু সমগ্ৰ শিক্ষা অভিযানৰ সহযোগত ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে অন্তৰংগ আলাপৰ আয়োজন

মুখ্যমন্ত্ৰীৰ আৰোহণ আঁচনিৰ অধীনত আজি মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু সমগ্ৰ শিক্ষা অভিযানৰ সহযোগত আজি জিলাখনৰ নৱম শ্ৰেণীত পঢ়ি থকা মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে এটা অন্তৰংগ আলাপ অনুষ্ঠানৰ আয়োজন কৰা হয়। জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানটো মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই উদ্বোধন কৰে। শ্ৰী শৰ্মাই ছাত্ৰ-ছাত্ৰীসকলক প্রতিযোগিতামূলক মানসিকতাৰে অধ্যয়নত ৰত হ'বলৈ আহ্বান জনায়। বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূর্ব ঠাকুৰীয়াই আঁত ধৰা অনুষ্ঠানটোত বিদ্যালয়সমূহৰ অধ্যক্ষসকলো উপস্থিত থাকে।

August 6, 2024 8:44 PM

views 28

ৰাজ্যত কালিৰেপৰা ১১ আগষ্টলৈ আয়োজন কৰা শিক্ষা সপ্তাহৰ অংশ হিচাপে মৰিগাঁও জিলাতো কাৰ্যসূচী গ্ৰহণ

ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ চতুৰ্থ বৰ্ষপূৰ্তিৰ সৈতে সংগতি ৰাখি ৰাজ্যত কালিৰেপৰা ১১ আগষ্টলৈ আয়োজন কৰা শিক্ষা সপ্তাহৰ অংশ হিচাপে আজি মৰিগাঁও জিলাত কাৰ্যসূচী গ্ৰহণ কৰা হয়। জিলাখনত আজি সমগ্ৰ শিক্ষা বিভাগে নডেল শিক্ষকসকলৰ বৃত্তিমুখী পৰামৰ্শ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। এই প্ৰশিক্ষণত চাংসাৰিৰ চেণ্ট্ৰেল ইন্‌ষ্টিটিউট অব্ পেট্‌’কেমিকেল ইঞ্জিনীয়াৰিং এণ্ড টেক্‌’ল’জী অর্থাৎ ছিপেটৰ কাৰিকৰী নিৰ্দেশকসকলে সমল ব্যক্তিৰূপে অংশ লৈছে। জিলাখনৰ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহৰ ১২৫ গৰাকী শিক্ষকে অং...

August 4, 2024 6:52 PM

views 26

মৰিগাঁৱত সশস্ত্র সীমাবলৰ স্বেচ্ছামূলক ৰক্তদান শিবিৰ

মৰিগাঁও সশস্ত্র সীমাবলৰ ছাউনীত ১ নম্বৰ বেটেলিয়নৰ উদ্যোগত এটা স্বেচ্ছামূলক ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়। সশস্ত্ৰ সীমাবলৰ মৰিগাঁৱত থকা বি কোম্পানী, মৰিগাঁও অসামৰিক চিকিৎসালয় আৰু মৰিগাঁও আৰক্ষীৰ লগতে স্থানীয় জনসাধাৰণৰ প্ৰচেষ্টাত এই ৰক্তদান শিবিৰটো অনুষ্ঠিত হয়। শিবিৰত প্ৰায় ৩০জন লোকে স্বেচ্ছামূলকভাৱে ৰক্তদান কৰে। ৰক্তদান বিষয়ত সজাগতা সৃষ্টিৰ লগতে মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ ব্লাড বেংকত পর্যাপ্ত পৰিমাণৰ ৰক্ত মজুত কৰি ৰাখিবৰ বাবে এই শিবিৰটোৰ আয়োজন কৰা হৈছিল বুলি উদ্যোক্তাসকলৰ তৰফৰ পৰা মৰিগাঁও ...

August 2, 2024 6:54 PM

views 28

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ সহযোগত ডিজিটেল শস্য সমীক্ষা, খাৰিফ ২০২৪ সন্দৰ্ভত প্রশিক্ষণ কাৰ্যসূচীৰ আয়োজন

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ সহযোগত ডিজিটেল শস্য সমীক্ষা, খাৰিফ ২০২৪ সন্দৰ্ভত প্রশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। জিলা আয়ুক্ত দেৱাশীষ শর্মাই মৰিগাঁও জিলা পুথিভড়াল প্রেক্ষাগৃহত তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজিত প্ৰশিক্ষণৰ আজি শুভাৰম্ভণি কৰে। জিলা কৃষি বিষয়া অশোক কুমাৰ শৰ্মাৰ সঞ্চালনাত আয়োজিত প্রশিক্ষণ অনুষ্ঠানত জিলা আয়ুক্তগৰাকীয়ে ডিজিটেল শস্য সমীক্ষাৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ জৰিয়তে কৃষক কেনেদৰে উপকৃত হ'ব সেই বিষয়ত সকলো কথা নিয়াৰিকৈ আলোচনা কৰিবলৈ আহ্বান জ...

July 18, 2024 8:41 PM

views 22

জীৱ-জন্তুৰ প্ৰতি নিষ্ঠুৰতা প্ৰতিৰোধ আইন ১৯৬০ৰ অধীনত মৰিগাঁৱত মাংস কটা আৰু বিক্ৰী কৰাৰ ক্ষেত্ৰত কেতবোৰ নিৰ্দেশনা

জীৱ-জন্তুৰ প্ৰতি নিষ্ঠুৰতা প্ৰতিৰোধ আইন ১৯৬০ৰ অধীনত মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই জিলাখনত মাংস কটা আৰু বিক্ৰী কৰাৰ ক্ষেত্ৰত কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি এই আইনৰ নিয়ম ২০০১ৰ ৬ নম্বৰ আৰু ১ নম্বৰ ধাৰাৰ অধীনত কোনো জীৱ-জন্তুক অন্য জীৱ-জন্তুৰ দৃষ্টিগোচৰ হোৱাকৈ বধ কৰাত বাধা আৰাপ কৰা হৈছে। নিৰ্দেশনাত লগতে শিশুৰ সন্মুখত জীৱ-জন্তু বধ কৰাতো নিষিদ্ধ কৰা হৈছে। তদুপৰি জনস্বাস্থ্য আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি লক্ষ্য ৰাখি পথৰ কাষত বজাৰ আদি আৱৰণ নোহোৱাকৈ কাটি ৰখা মাংস আদি বিক্ৰীৰ ক্ষেত্ৰত নিষে...

July 10, 2024 12:08 PM

views 14

মৰিগাঁৱত মিছন শক্তি আৰু পৰিপুষ্টি বিষয়ক জিলা পৰ্যায়ৰ সমন্বয় সমিতিৰ বৈঠক

মহিলা আৰু শিশু উন্নয়ন বিভাগৰ অধীনৰ জিলা পৰ্যায়ৰ মহিলা সবলীকৰণ কেন্দ্ৰ, মৰিগাঁও আৰু পোষণ অভিযান, মৰিগাঁৱৰ উদ্যোগত মিছন শক্তি আৰু পৰিপুষ্টি বিষয়ক জিলা পৰ্যায়ৰ সমন্বয় সমিতিৰ এখন বৈঠক কালি মৰিগাঁৱৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। সভাত মৰিগাঁও জিলাৰ বাল্য বিবাহৰ ঘটনা ৰোধ কৰাৰ ক্ষেত্ৰত বিভিন্ন বিভাগত কৰণীয় সন্দৰ্ভত আলোচনা কৰা হয়। ইয়াৰ উপৰি সভাত মহিলা আৰু কন্যা শিশুৰ সুৰক্ষা আৰু সবলীকৰণৰ লগতে বিকাশৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰা মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ এখন গুৰুত্বপূৰ্...

June 27, 2024 7:38 PM

views 21

মৰিগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত জ্ঞানপীঠ বঁটা বিজয়ী ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ জন্ম শতবার্ষিকীৰ শ্ৰদ্ধাৰ্ঘ্য অনুষ্ঠানৰ

অসম সাহিত্য সভা, মৰিগাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগ আৰু মৰিগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত আজি জ্ঞানপীঠ বঁটা বিজয়ী ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ জন্ম শতবার্ষিকীৰ শ্ৰদ্ধাৰ্ঘ্য অনুষ্ঠানৰ আয়োজন কৰা হয়। এই উপলক্ষে আয়োজিত ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ সাহিত্য কৃতি শীৰ্ষক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্র দৈনিক অসম কাকত সম্পাদক ড০ হিতেশ ডেকাই উদ্বোধন কৰে। এই উপলক্ষে আয়োজিত সভাত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক উপেন্দ্ৰজিৎ শৰ্মাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।