August 3, 2024 2:21 PM

views 20

জাগীৰোডত অসমৰ প্ৰথমটো ছেমি কণ্ডাক্টৰ প্ৰকল্প আৰু পৰীক্ষণ কেন্দ্ৰৰ ভূমি পূজন

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু টাটা ছন্সছৰ অধ্যক্ষ নটৰাজন চন্দ্ৰশেখৰনৰ উপস্থিতিত আজি জাগীৰোডত অসমৰ প্ৰথমটো ছেমি কণ্ডাক্টৰ প্ৰকল্প বা অৰ্ধ পৰিবাহী সমাৱিষ্টকৰণ আৰু পৰীক্ষণ কেন্দ্ৰৰ ভূমি পূজন কৰা হয় ৷ অসমক বিশ্বৰ অৰ্ধ পৰিবাহী উদ্যোগৰ মূল হোতাৰূপে প্ৰতিষ্ঠা কৰাত এই উদ্যোগে বিশেষ ভূমিকা ল’ব বুলি আশা কৰা হৈছে। উদ্যোগটোৱে ৰাজ্যত অত্যাধুনিক প্ৰযুক্তিৰ বিকাশৰ লগতে নিয়োগৰ সুযোগ সৃষ্টি কৰি অৰ্থনৈতিক উন্নয়ন ক্ষীপ্ৰ কৰি তুলিব। মুঠ ২৭ হাজাৰ কোটি টকাৰ ব্যয় সাপেক্ষ এই প্ৰকল্পৰ নিৰ্ধাৰণৰ কাম ১৮ মাহৰ ভিত...

August 3, 2024 12:50 PM

views 35

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু টাটা ছন্সৰ অধ্যক্ষ নটৰাজন চন্দ্ৰশেখৰনৰ উপস্থিতত জাগীৰোডত অসমৰ প্ৰথমটো ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমি পূজন

♦ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু টাটা ছন্সৰ অধ্যক্ষ নটৰাজন চন্দ্ৰশেখৰনৰ উপস্থিতত আজি জাগীৰোডত অসমৰ প্ৰথমটো ছেমি কণ্ডাক্টৰ প্ৰকল্প বা অৰ্ধ পৰিবাহী সমাৱিষ্টকৰণ আৰু পৰীক্ষণ কেন্দ্ৰৰ ভূমি পূজন কৰে৷ অসমক বিশ্বৰ অৰ্ধ পৰিবাহী উদ্যোগৰ মূল হোতাৰূপে প্রতিষ্ঠিত কৰাত এই উদ্যোগে বিশেষ ভূমিকা ল'ব বুলি আশা কৰা হৈছে। উদ্যোগটোৱে ৰাজ্যত অত্যাধুনিক প্ৰযুক্তিৰ বিকাশ ঘটোৱাৰ লগতে নিয়োগৰ অফুৰন্ত সুযোগ সৃষ্টি কৰি অৰ্থনৈতিক উন্নয়ন ক্ষীপ্ৰ কৰি তুলিব। এই প্ৰকল্পত মুঠ ২৭ হাজাৰ কোটি টকাৰ ব্যয় নিৰ্ধাৰণ কৰা হৈছে। প্ৰক...

July 17, 2024 8:50 PM

views 20

মৰিগাঁৱৰ জাগীৰোডত স্থাপন হ’বলগীয়া টাটা গ্ৰুপৰ ছেমিকনডাক্টৰ ইউনিটৰ অহা ৩ আগষ্টত ভূমিপূজন

মৰিগাঁও জিলাৰ জাগীৰোডত স্থাপন হবলগীয়া টাটা গ্ৰুপৰ চেমিকনডাক্টৰ ইউনিটৰ অহা ৩ আগষ্টত ভূমি পূজন কৰা হব। জলসম্পদ মন্ত্রী পীয়ুষ হাজৰিকাই আজি এই সন্দৰ্ভত জনতা ভৱনত টাটা গ্রুপৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰে। ভূমি পূজন অনুষ্ঠানৰ কাৰ্যসূচী সন্দৰ্ভত সকলো দিশ সামৰি এই বৈঠকত আলোচনা কৰা হয়। উল্লেখযোগ্য যে প্রায় দুবছৰৰ ভিতৰত সম্পূৰ্ণ হবলগীয়া এই প্ৰকল্পত ১৫ ৰ পৰা ৩০ হাজাৰ লোকে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে কৰ্মসংস্থাপন লাভ কৰিব।