May 20, 2024 8:33 PM

views 27

বিদ্যালয় এৰা শিক্ষাৰ্থীক পুনৰ বিদ্যালয়লৈ প্ৰত্যাৱৰ্তনৰ বাবে জাগীৰোডৰ সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ বিশেষ পদক্ষেপ

বিভিন্ন কাৰণত বিদ্যালয় ত্যাগ কৰা শিক্ষাৰ্থীসকলক পুনৰ বিদ্যালয়লৈ প্ৰত্যাৱৰ্তনৰ বাবে মৰিগাঁও জিলাৰ জাগীৰোডৰ সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিয়ে বিশেষ পদক্ষেপ গ্রহণ কৰিছে। পাঠ আমি পঢ়িমেই, দেশ আমি গঢ়িমেই শীর্ষক শ্লোগানেৰে সমবায় সমিতিখনে অভিযানৰ অংশ হিচাপে ইতিমধ্যে ৩০ গৰাকী শিক্ষাৰ্থীক বিনামূলীয়া শিক্ষা প্ৰদান কৰিছে। বৃত্তিগত গো সেৱাৰ শতবৰ্ষত পদাৰ্পন কৰাৰ সময়ত সীতাজখলাৰ কৰ্তৃপক্ষই শৈক্ষিক সজাগতা অভিযান আৰম্ভ কৰিছে। মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশিষ শৰ্মাই আজি শিক্ষাদান শিবিৰটো আনুষ্ঠানিকভাৱে মুক...