October 11, 2024 6:44 PM

views 23

মৰিগাঁও জিলা কাৰাগাৰৰ পৰা পাঁচটা অপৰাধীৰ পলায়ন, কাৰাগাৰ অধীক্ষকক নিলম্বন

মৰিগাঁও জিলা কাৰাগাৰৰ পৰা যোৱা নিশা পাঁচটা অপৰাধীয়ে পলায়ন কৰা ঘটনা সন্দৰ্ভত কাৰাগাৰখনৰ অধীক্ষক প্রশান্ত শ‍ইকীয়াক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিলম্বন কৰা হৈছে। অপৰাধী কেইটাই নিশা বিছনা চাদৰ, কম্বল আদি জোৰা লগাই কাৰাগাৰৰ দেৱাল বগাই পলায়ন কৰে। ঘটনা সন্দৰ্ভত জিলা আয়ুক্তই ইতিমধ্যে দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে। অপৰাধী কেইটাক চাইফুদ্দিন, জিয়াউল, নুৰ ইছলাম, মাফিদুল আৰু আব্দুল ৰচিদ বুলি আৰক্ষী সূত্ৰৰ উদ্ধৃতিৰে আমাৰ সংবাদাদাতাই জানিবলৈ দিছে।