December 23, 2024 8:11 PM

views 19

মৰিগাঁও জিলাত ১৯ ডিচেম্বৰৰ পৰা সু-শাসন সপ্তাহ-২০২৪ উদযাপন

দেশজুৰি উদযাপিত সু-শাসন সপ্তাহ ২০২৪ৰ অংশ হিচাপে মৰিগাঁও জিলাত যোৱা ১৯ ডিচেম্বৰৰ পৰা ২৪ ডিচেম্বৰলৈ বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছে। এই উপলক্ষে আজি জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা পৰ্যায়ৰ কর্মশালা অনুষ্ঠিত হয়। কৰ্মশালাৰ আৰম্ভণিতে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই সু-শাসন সপ্তাহৰ মূল লক্ষ্যসমূহ ব্যাখ্যা কৰে। তেওঁ সু-শাসনৰ জৰিয়তে জনতাৰ সমস্যাৰ দ্রুত সমাধান, উন্নত সেৱা প্ৰদান আৰু প্ৰশাসনক অধিক জনমুখী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ৰাজ্য চৰকাৰৰ অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া হৰিচন্দ্ৰ দত্ত আৰু ৰাজ্য চৰকাৰৰ সচি...