January 10, 2025 8:25 PM

views 12

মৰিগাঁৱত শিক্ষা বিভাগৰ উদ্যোগত বিদ্যালয়সমূহত পুথিভঁৰাল সমৃদ্ধকৰণ অভিযান মুকলি

ৰাজ্য চৰকাৰে ঘোষণা কৰা কিতাপৰ বৰ্ষৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি মৰিগাঁও জিলাত শিক্ষা বিভাগৰ উদ্যোগত বিদ্যালয়সমূহত পুথিভঁৰাল সমৃদ্ধকৰণ অভিযান আজি মুকলি কৰা হয়। শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰি শিশুসকলক পুথি পঢ়ি জ্ঞানৰ ভঁৰাল চহকী কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানত মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক আৰু উপ-পৰিদৰ্শকৰ লগতে শতাধিক অভিভাৱক আৰু বিদ্যালয়সমূহৰ প্রাক্তন ছাত্র-ছাত্রীয়ে অংশগ্ৰহণ কৰে।