August 21, 2024 6:52 PM

views 19

সম্ভাব্য বান পৰিস্থিতিক লৈ মৰিগাঁও জিলা প্রশাসনৰ সতর্কতামূলক জাননী জাৰি

সম্ভাব্য বান পৰিস্থিতিক লৈ মৰিগাঁও জিলাৰ বাসিন্দাসকললৈ জিলা প্রশাসনে সতর্কতামূলক জাননী জাৰি কৰিছে। মেঘালয় পাৱাৰ জেনেৰেচন কর্প’ৰেচন লিমিটেডে উৰিয়াম নদীৰ তলৰ অঞ্চল আৰু উমিয়াম বান্ধৰ সিপাৰৰ অঞ্চলত প্ৰবল বৰষুণ আৰু পানী নির্গমণ বৃদ্ধিৰ বাবে সম্ভাব্য বান পৰিস্থিতিক লৈ সতর্কবাণী জাৰি কৰিছে। এই বান্ধৰ পানীয়ে জিলাখনৰ কিলিং নদীৰ কাষৰীয়া নেলী, গোভা আদি অঞ্চল ক্ষতি কৰাৰ আশংকা কৰা হৈছে। সেয়েহে জাননীযোগে জিলা প্রশাসনে মৰিগাঁওবাসী ৰাইজক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে।