October 15, 2024 10:53 AM

views 24

মৰিগাঁও জিলা প্ৰশাসনৰ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মৰিগাঁও জিলা দিৱস উদযাপন

মৰিগাঁও জিলা প্ৰশাসনে কালিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মৰিগাঁও জিলা দিৱস উদযাপন কৰিছে। এইবাৰ এই দিৱসত কৃষি আৰু ইয়াৰ আনুসংগিক ক্ষেত্র, উদ্যান শস্য, কলা-সংস্কৃতি আৰু আৰ্থসামাজিক প্ৰতিটো দিশ সামৰিলৈ বিকাশৰ নতুন ধাৰাৰে জিলাখনক আগবঢ়াই লৈ যোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। গৱেষণামূলক কর্মপন্থা আৰু নাগৰিকসকলৰ ঐক্যবদ্ধ প্ৰয়াসেৰে জিলাখনৰ উন্নয়নৰ সম্ভাৱনাসমূহ চিনাক্ত কৰাৰ বাবে এই দিৱসৰ সৈতে সংগতি ৰাখি কেতবোৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আজি পুৱা অৰ্থনৈতিক পৰিৱৰ্তনৰ বাবে মৰিগাঁও জিলাৰ বিভিন্ন সম্ভ...