June 1, 2025 9:13 PM June 1, 2025 9:13 PM

views 6

মৰিগাওঁ আৰক্ষীৰ সহযোগত পুডুচেৰী আৰক্ষীৰ লাহৰিঘাটৰ পৰা দুজন চাইবাৰ অপৰাধী কৰায়ত্ত

পুডুচেৰী আৰক্ষীয়ে আজি মৰিগাওঁ আৰক্ষীৰ সহযোগত জিলাখনৰ লাহৰিঘাটৰ পৰা চাইবাৰ অপৰাধত অভিযুক্ত দুজন লোকক কৰায়ত্ত কৰে। ধৃত লোক দুজন জিলাখনৰ গৰিয়াবৰী গাওঁৰ আববাছ আলী আৰু বৰালীমাৰী গৰিয়া গাঁৱৰ হাজিবুৰ ৰহমান বুলি চিনাক্ত কৰা হৈছে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে, দুয়োজন অভিযুক্তই পুডুচেৰীৰ এজন লোকৰ পৰা কৌশলেৰে ৫৪ লাখ টকা সৰকাইছিল। ঘটনা সন্দৰ্ভত পুডুচেৰী আৰক্ষীৰ দলে অভিযান চলাই মৰিগাওঁ জিলা আৰক্ষীৰ সহযোগত লোক দুজনক গ্ৰেপ্তাৰ কৰে। লোক দুজনক অধিক তথ্য আৰু তদন্তৰ বাবে পুডুচেৰীলৈ লৈ যোৱা হৈছে।