November 1, 2025 8:53 PM November 1, 2025 8:53 PM

views 15

মৰিগাঁৱৰ চৰাইবাহীৰ ১৬৮ বছৰীয়া ঐতিহাসিক ত্রিবার্ষিক ভাওনা মহোৎসৱত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাৰ অংশগ্রহণ

মৰিগাঁও জিলাৰ চৰাইবাহীৰ ১৬৮ বছৰীয়া ঐতিহাসিক ত্রিবার্ষিক ভাওনা মহোৎসৱত আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই অংশগ্রহণ কৰে। মুখ্যমন্ত্ৰীয়ে নাথ মন্দিৰ প্ৰাংগণত আয়োজিত মুকলি সভাত অংশগ্ৰহণ কৰে। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে অংকীয়া নাট ভাওনাক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ প্ৰৱৰ্তিত নৱবৈষ্ণব ধৰ্ম প্ৰচাৰৰ শক্তিশালী মাধ্যম বুলি মত প্ৰকাশ কৰে। তেওঁ চৰাইবাহীৰ ৰাইজে গুৰুজনাৰ সৃষ্টিৰাজী নতুন প্ৰজন্মৰ মাজত সজীৱ কৰি ৰাখিবলৈ কৰা প্ৰয়াসৰ শলাগ লয়। এই ভাওনাই আৰম্ভণিৰে পৰাই একতা আৰু সংহতিৰ বাৰ্তা প্ৰেৰণ...