July 22, 2024 12:51 PM July 22, 2024 12:51 PM
10
মৰিগাঁৱৰ শিঙিমাৰীত বানাক্ৰান্তৰ মাজত স্বাস্থ্য শিবিৰ
মৰিগাঁৱৰ স্বেচ্ছাসেৱী অগ্ৰণী অনুষ্ঠান বান্ধৈ ৮৪ৰ উদ্যোগত পশুপালন-পশু চিকিৎসা বিভাগ আৰু ভাৰতীয় চিকিৎসা সন্থাৰ সহযোগত শিঙিমাৰীৰ বানাক্ৰান্তৰ মাজত এখন স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। এই স্বাস্থ্য শিবিৰত পশুধনৰ লগতে পাঁচ শতাধিক লোকক চিকিৎসা প্ৰদান কৰা হয়। মৰিগাঁও জিলা প্ৰশাসনৰ হৈ অতিৰিক্ত আয়ুক্ত সংগীতা বৰঠাকুৰ আৰু প্ৰাঞ্জল বৰুৱা উপস্থিত থাকি বানাক্ৰান্ত ৰাইজক স্বাস্থ্য সম্পর্কে সজাগতামূলক বক্তব্য আগবঢ়ায়। চিকিৎসা শিবিৰটোত ভাৰতীয় চিকিৎসা বিষয়া সন্থাৰ মৰিগাঁও জিলা সম্পাদক তথা বান্ধৈ ৮৪ৰ সম্পাদক ডা...