July 22, 2024 12:51 PM

views 24

মৰিগাঁৱৰ শিঙিমাৰীত বানাক্ৰান্তৰ মাজত স্বাস্থ্য শিবিৰ

মৰিগাঁৱৰ স্বেচ্ছাসেৱী অগ্ৰণী অনুষ্ঠান বান্ধৈ ৮৪ৰ উদ্যোগত পশুপালন-পশু চিকিৎসা বিভাগ আৰু ভাৰতীয় চিকিৎসা সন্থাৰ সহযোগত শিঙিমাৰীৰ বানাক্ৰান্তৰ মাজত এখন স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। এই স্বাস্থ্য শিবিৰত পশুধনৰ লগতে পাঁচ শতাধিক লোকক চিকিৎসা প্ৰদান কৰা হয়। মৰিগাঁও জিলা প্ৰশাসনৰ হৈ অতিৰিক্ত আয়ুক্ত সংগীতা বৰঠাকুৰ আৰু প্ৰাঞ্জল বৰুৱা উপস্থিত থাকি বানাক্ৰান্ত ৰাইজক স্বাস্থ্য সম্পর্কে সজাগতামূলক বক্তব্য আগবঢ়ায়। চিকিৎসা শিবিৰটোত ভাৰতীয় চিকিৎসা বিষয়া সন্থাৰ মৰিগাঁও জিলা সম্পাদক তথা বান্ধৈ ৮৪ৰ সম্পাদক ডা...

May 10, 2024 11:25 AM

views 24

মৰিগাঁৱত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰবটিকছ পাঠ্যক্রমবিষয়ক কর্মশালা

মৰিগাঁও অধিবিদ্যা পৰিষদৰ উদ্যোগত আৰু মৰিগাঁও বি. এড. কলেজৰ সহযোগত কলেজখনৰ প্ৰেক্ষাগৃহত কালি উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰধানসকলৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰবটিকছ পাঠ্যক্রমবিষয়ক এখন কর্মশালা অনুষ্ঠিত হয়। উল্লেখ্য যে চলিত শিক্ষাবৰ্ষৰ পৰা নৱম শ্ৰেণীৰ ছাত্র-ছাত্রীসকলৰ বাবে কৃত্রিম বুদ্ধিমত্তা আৰু ৰবটিকছ ঐচ্ছিক বিষয়ৰ পাঠ্যক্ৰম হিচাপে অন্তৰ্ভূক্ত কৰা হৈছে। অনুষ্ঠানৰ শুভ উদ্বোধন কৰি জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই কয় যে কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰবটিকছে ইতিমধ্যে চিকিৎসা ক্ষেত্ৰখনক উন্নতিৰ শীৰ্ষল...