January 20, 2025 9:21 PM

views 13

মৰিগাঁও জিলাৰ চৰাইবাহীৰ আৰ্যমিত্ৰ নাথলৈ প্ৰতিৰক্ষা মন্ত্ৰীৰ পদক

ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনী (এন চি চি)ৰ প্ৰতি দেখুওৱা নিষ্ঠা আৰু পৰ্বতাৰোহণৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা অসাধাৰণ কৃতিত্বৰ বাবে মৰিগাঁও জিলাৰ চৰাইবাহীৰ আৰ্যমিত্ৰ নাথক প্ৰতিৰক্ষা মন্ত্ৰীৰ পদকেৰে সন্মানিত কৰা হৈছে। পর্বতাৰোহণৰ প্ৰশিক্ষক তথা অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ সদস্য হিচাপে আর্যমিত্রই দুসাহসিকতাৰ পৰিচয় দিয়াৰ লগতে দায়বদ্ধতাৰে জনসেৱাৰ্থে কাম কৰি আহিছে।