December 29, 2025 8:01 PM

views 20

মতিৰাম বৰা সোঁৱৰণী ফুটবল প্রতিযোগিতাত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ দলে ফাইনেলত প্রৱেশ

মৰিগাঁও জিলা ক্রীড়া সন্থাৰ উদ্যোগত আৰু ফুটবল সমিতিৰ তত্বাৱধানত অনুষ্ঠিত মতিৰাম বৰা সোঁৱৰণী ফুটবল প্রতিযোগিতাত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ দলে ফাইনেলত প্রৱেশ কৰিছে। আজি প্ৰথমখন ছেমি ফাইনেলত দলটোৱে দলবাৰী যুৱ কল্যাণ সংঘক ৪-২ গ'লত পৰাজিত কৰি ফাইনেলত প্রৱেশ কৰে। দ্বিতীয়খন ছেমি ফাইনেলত নর্থ-ইষ্ট ইউনাইটেড ফুটবল ক্লাব ডি বি আই কামৰূপৰ বিৰুদ্ধে অৱতীর্ণ হ'ব।

December 5, 2025 6:53 PM

views 13

২০২৫ বৰ্ষৰ ৰাষ্ট্ৰীয় লোকনৃত্য প্রতিযোগিতাত মৰিগাঁও জিলাৰ দ্বিতীয় স্থান লাভ

২০২৫ বৰ্ষৰ ৰাষ্ট্ৰীয় লোকনৃত্য প্রতিযোগিতাত মৰিগাঁও জিলাই অসমৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰিছে। ৰাষ্ট্ৰীয় শিক্ষা, গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, নতুন দিল্লীৰ উদ্যোগত অসম ৰাজ্যিক শিক্ষা, গৱেষণা আৰু পৰিষদৰ জনসংখ্যা শিক্ষা কোষৰ দ্বাৰা এই প্রতিযোগিতা আয়োজন কৰা হয়। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রত আয়োজিত ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত মৰিগাঁও জিলাৰ হৈ কিলিংপৰীয়া মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দলটোৱে জিলাখনলৈ এই সন্মান কঢ়িয়াই আনে।

November 22, 2025 7:07 PM

views 23

মৰিগাওঁ জিলা সমিতিৰ উদ্যোগত জিলা ভিত্তিক বিজ্ঞান প্রতিযোগিতা অনুষ্ঠিত

আর্যভট্ট বিজ্ঞান কেন্দ্ৰৰ মৰিগাওঁ জিলা সমিতিৰ উদ্যোগত আজি মৰিগাওঁ শিক্ষণ মহাবিদ্যালয়ত এখন জিলা ভিত্তিক বিজ্ঞান প্রতিযোগিতা অনুষ্ঠিত হয়। অসম বিজ্ঞান প্রযুক্তি আৰু পৰিবেশ পৰিষদৰ অধ্যক্ষ বিশিষ্ট বিজ্ঞানী ড° বিমান বৰুৱাই প্ৰতিযোগিতাখন উদ্বোধন কৰি কয়, যে ছাত্ৰ ছাত্ৰীৰ মাজত কৃত্রিম বুদ্ধিমত্তা ৰ'বটিক শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া প্রয়োজন। অনুষ্ঠানত ড° বৰুৱাই কেন্দ্ৰৰ বাৰ্ষিক পত্রিকা এখনো উন্মোচন কৰে। প্রতিযোগিতাখনত বিজ্ঞানৰ বিভিন্ন আৰ্হি প্রদর্শন কৰা হয়।

October 13, 2025 8:50 PM

views 36

বাৰেৰহণীয়া কাৰ্যসূচীৰে আজি ৩৭ সংখ্যক মৰিগাঁও জিলা দিৱস উদযাপন

বাৰেৰহণীয়া কাৰ্যসূচীৰে আজি ৩৭ সংখ্যক মৰিগাঁও জিলা দিৱস উদযাপন কৰা হৈছে। এই উপলক্ষে মৰিগাঁও জিলাৰ বিভিন্ন ক্ষেত্ৰত উন্নয়নৰ প্ৰতিফলনৰ লগতে অসমৰ সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হয়। ব্ৰহ্মপুত্ৰৰ বুকুৰ মাজত আয়োজিত আজিৰ কাৰ্যসূচীত বিধায়ক ৰমাকান্ত দেউৰী, আছিদ মহম্মদ নাজৰ, জিলা আয়ুক্ত অনামিকা তিৱাৰী, আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশ লয়। বিধায়ক শ্ৰীদেউৰীয়ে ১৯৪২ৰ আন্দোলনত ছহিদ হোৱা মৰিগাঁৱৰ তিনিগৰাকী মুক্তিযুঁজাৰু - হেমৰাম পাটৰ, গুণাভিৰাম বৰদলৈ আৰু তি...

September 9, 2025 1:15 PM

views 27

তিৱা বসতি প্ৰধান অঞ্চলৰ মৰিগাঁৱৰ ৬২ খন নিম্ন প্রাথমিক বিদ্যালয়ত তিৱা ভাষাত পাঠদান আৰম্ভ

■ ৰাজ্যৰ শিক্ষা বিভাগে নতুন শিক্ষা নীতিৰ অধীনত মৰিগাঁও জিলাৰ তিৱা বসতি প্ৰধান অঞ্চলৰ ৬২ খন নিম্ন প্রাথমিক বিদ্যালয়ত তিৱা ভাষাত পাঠদান আৰম্ভ কৰিছে। এই উপলক্ষে ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ উদ্যোগত কালি মৰিগাওঁ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত ৪ দিনীয়া তিৱা ভাষা প্রশিক্ষণ শিবিৰ আৰম্ভ হয়। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে এই প্রশিক্ষণ শিবিৰ আনুষ্ঠানিকভাৱে মুকলি কৰে। ভাষণ প্ৰসংগত মন্ত্ৰী ডাঃ পেগুৱে ভাষা সংৰক্ষণ তথা মাতৃভাষাৰ জৰিয়তে শিক্ষাৰ বিকাশৰ ক্ষেত্ৰত এনে প্ৰয়াসে নতুন দিশৰ উন্...

August 19, 2025 12:41 PM

views 23

মৰিগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী কৌশিক ৰায়ৰ সভাপতিত্বত জিলা আয়ুক্তৰ কাৰ্যালয়ত পৰ্যালোচনা বৈঠক

● মৰিগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী কৌশিক ৰায়ৰ সভাপতিত্বত কালি জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত জিলা পৰ্যায়ৰ বিভিন্ন বিষয় পর্যালোচনা কৰাৰ লগতে খাদ্য আৰু ৰাজহুৱা বিতৰণ ব্যৱস্থা, সুলভ মূল্যৰ দোকান পৰিচালনা, গুদাম ব্যৱস্থাপনাকে ধৰি কেইবাটাও বিষয় বিস্তৃতভাৱে আলোচনা কৰা হয় ৷ এই বৈঠকত অতিৰিক্ত মুখ্য সচিব, জিলা আয়ুক্ত আৰু বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।

January 22, 2025 8:37 PM

views 44

মৰিগাঁও জিলা সাংবাদিক সন্থাৰ তৃতীয় মহলাৰ ভৱন আনুষ্ঠানিকভাৱে উদ্বোধন

তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে আজি পৰিষদৰ ২০২২-২৩ বৰ্ষৰ ১০ লাখ টকা পুঁজিৰে নিৰ্মাণ কৰা মৰিগাঁও জিলা সাংবাদিক সন্থাৰ তৃতীয় মহলাৰ ভৱনটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই উপলক্ষে আয়োজিত সভাত মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে সাংবাদিক সন্থাৰ অত্যাধুনিক পুথিভঁৰাল আৰু অভিলেখাগাৰটো তিৱা স্বায়ত্তশাসিত পৰিষদৰ পৰা আগবঢ়োৱা হ'ব বুলি ঘোষণা কৰে।

January 16, 2025 11:02 AM

views 30

পুৱা ১০.৩০ বজাৰ পৰা মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠক অনুষ্ঠিত

● মৰিগাঁৱত আজি ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠক অনুষ্ঠিত হৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত পুৱা ১০.৩০ বজাৰ পৰা জিলা আয়ুক্তৰ কাৰ্যালয়ত এই বৈঠক অনুষ্ঠিত হৈছে। বৈঠকত মৰিগাঁও জিলাৰ সামগ্রিক উন্নয়নৰ বাবে ভালেমান আঁচনি আৰু প্ৰকল্প গ্ৰহণ কৰা হ'ব। জিলাখনৰ ১০০ বছৰীয়া বিদ্যালয়, প্রাদেশিকৃত মহাবিদ্যালয় আৰু কেইবাখনো সত্ৰলৈ আজি বিত্তীয় অনুদান আগবঢ়োৱাৰো সম্ভাৱনা আছে। বৈঠকৰ পাছত মুখ্যমন্ত্ৰী ড° শৰ্মাৰ নেতৃত্বত মন্ত্ৰীসভাৰ সদস্যসকলে জাগীৰোড ছেমি কণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন কৰিব।

January 9, 2025 1:00 PM

views 37

মায়ঙত দুদিনীয়াকৈ এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ সজাগতাসূচীৰ আয়োজন

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ অধীনৰ কেন্দ্ৰীয় যোগাযোগ ব্যুৰ উদ্যোগত মৰিগাঁও জিলাৰ মায়ঙত দুদিনীয়াকৈ এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ সজাগতাসূচীৰ আয়োজন কৰা হৈছে। আজি পুৱা এই কাৰ্যসূচীৰ অংশ হিচাপে ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্রাংকন প্রতিযোগিতাৰ আয়োজন কৰা হয়। তদুপৰি, পুৱাৰ ভাগত মন্ত্ৰালয়ৰ বিষয়াসকলৰ অংশ গ্ৰহণেৰে চাফাই অভিযান আৰু এজোপা গছ আইৰ নামৰ শীৰ্ষক গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ন কৰা হয়।

November 4, 2024 6:44 PM

views 24

মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক ‘সমাজ বন্ধু’ উপাধিৰে বিভূষিত বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ

মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক চহৰখনৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ‘সমাজ বন্ধু’ উপাধিৰে বিভূষিত কৰিছে। ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়াগৰাকীয়ে সমাজৰ বিভিন্ন স্তৰৰ লোকৰ লগতে কৰ্কট ৰোগীসকলৰ প্ৰতি আগবঢ়োৱা নিস্বাৰ্থ সেৱাৰ স্বীকৃতি স্বৰূপে তেওঁক এই উপাধি প্ৰদান কৰা হয়। আজি বিদ্যালয়খনত আয়োজিত অনুষ্ঠানত আয়ুক্তগৰাকীক মানপত্ৰ, স্মাৰক, শৰাই, অংগবস্ত্ৰ আদিৰে সম্বৰ্ধনা জনোৱা হয়।