September 25, 2025 10:27 PM

views 36

লোকসেৱা ভৱনত সদৌ মৰাণ ছাত্ৰ সন্থা আৰু মৰাণ জাতীয় মহিলা পৰিষদৰ বিষয়ববীয়াসকলৰ সৈতে মুখ্যমন্ত্রীৰ বৈঠক

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত সদৌ মৰাণ ছাত্ৰ সন্থা আৰু মৰাণ জাতীয় মহিলা পৰিষদৰ বিষয়ববীয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত জনগোষ্ঠীটোৰ জনজাতিকৰণৰ দাবীকে ধৰি বহুকেইটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হয়। মৰাণসকলৰ জনজাতিকৰণৰ দাবীক লৈ চৰকাৰে ইতিবাচক দৃষ্টিভংগীৰে আগবাঢ়িছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। বৈঠকত অৰুণাচল প্ৰদেশত বসবাস কৰা মৰাণসকলক স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ প্ৰদান, গ্রেজিঙৰ ভূমিত বাস কৰা মৰাণসকলক ভূমিৰ অধিকাৰ প্ৰদান, স্বায়ত্তশাসিত পৰিষদৰ সীমা নির্ধাৰণ আদি...

August 26, 2025 12:47 PM

views 8

মৰাণত ভাদমহীয়া নাম-কীৰ্তনৰ মাহ-প্ৰসাদ খাই কমেও ৬৭ জন লোক অসুস্থ

ডিব্ৰুগড় জিলাৰ মৰাণৰ দুই নম্বৰ দিখাৰী গাঁৱত ভাদমহীয়া নাম-কীৰ্তনৰ মাহ-প্ৰসাদ খোৱাৰ পাছত বিষক্ৰিয়া হৈ শিশু-মহিলাসহ কমেও ৬৭ জন লোক অসুস্থ হৈ পৰিছে। অসুস্থসকলক মৰাণ তিলৈ সামুহিক স্বাস্থ্য কেন্দ্ৰ, খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু লেঙেৰী স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে। ইয়াৰে গুৰুতৰভাৱে অসুস্থ ২৪ গৰাকীক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়। কালি মন্ত্ৰী বিমল বৰাই চিকিৎসাধীন লোকসকলক সাক্ষাৎ কৰি তেওঁলোকৰ স্বাস্থ্যৰ অৱস্থাৰ বুজ লয়। ইপিনে, আক্ৰান্...

April 25, 2025 7:24 PM

views 20

মৰাণত পুৱা সংঘটিত অগ্নিকাণ্ডত ৩খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান ভষ্মীভূত হোৱাৰ লগতে দুজন লোক আহত

ডিব্ৰুগড় জিলাৰ মৰাণ চহৰত পুৱা সংঘটিত অগ্নিকাণ্ডত তিনিখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান ভষ্মীভূত হোৱাৰ লগতে দুজন লোক আহত হয়। অগ্নিকাণ্ডত এখন হোটেল সম্পূৰ্ণৰূপে জুইত জাহ যায়। অগ্নি নির্বাপক বাহিনীৰ ৮ খন বাহনৰ কেইবাঘণ্টা জোৰা প্ৰচেষ্টাৰ অন্তত জুই নুমুৱাবলৈ সক্ষম হয়।