July 21, 2025 11:30 AM

views 14

আজিৰে পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন, কালি সৰ্বদলীয় বৈঠক সম্পন্ন

আজিৰে পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন। এই অধিৱেশন ২১ আগষ্টলৈ চলিব। অধিৱেশনৰ কালছোৱাত উভয় সদনৰ মুঠ ২১ খন বৈঠক অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে অপাৰেচন সিন্দূৰৰ পাছত এয়া হৈছে সংসদৰ প্ৰথমখন অধিৱেশন। সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে কালি নতুন দিল্লীৰ সংসদ ভৱনত ৰাজ্যসভাৰ নেতা জগত প্ৰকাশ নাড্ডাৰ সভাপতিত্বত এখন সর্বদলীয় বৈঠক অনুষ্ঠিত হয়। বৈঠকত বিৰোধী পক্ষৰ সদস্যসকলে অপাৰেচন সিন্দূৰ সন্দৰ্ভত চৰকাৰ আৰু বিশেষকৈ সদনৰ নেতা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সদনত বিবৃতি দিব লাগে বুলি প্ৰস্তাৱ আগবঢ়ায়। ইয়াৰ লগতে ব...