August 17, 2024 8:06 PM August 17, 2024 8:06 PM

views 5

দেশত বৰ্তমানলৈকে মাংকিপক্সত আক্রান্ত কোনো ৰোগী চিনাক্ত হোৱা নাই বুলি কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ প্ৰকাশ

কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে কৈছে যে দেশত বৰ্তমানলৈকে মাংকিপক্সত আক্রান্ত কোনো ৰোগী চিনাক্ত হোৱা নাই। বিশ্ব স্বাস্থ্য সংস্থাই মাংকিপক্সক আন্তৰাষ্ট্ৰীয় স্বাস্থ্যজনিত জৰুৰী অৱস্থাৰূপে ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাই আজি নতুন দিল্লীত আয়োজিত এখন বৈঠকত মাংকিপক্সৰ স্থিতি আৰু প্ৰস্তুতি সম্পৰ্কে পৰ্যালোচনা চলায়। বৈঠকত ৰোগবিধৰ প্ৰাদূৰ্ভাৱ নিয়ন্ত্ৰণৰ বাবে সতর্কতামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ সিদ্ধান্ত লোৱা হয়। ইয়াৰ ভিতৰত কোনো ৰোগী চিনাক্ত হলে সকলো বিমান বন্দৰ, বন্দ...