May 17, 2024 5:02 PM

views 31

ভাৰত আৰু মংগোলিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ দ্বাদশ যুটীয়া কাৰ্যকৰী গোটৰ বৈঠকৰ আজি সামৰণি

মংগোলিয়াৰ উলানবাটাৰত অনুষ্ঠিত ভাৰত আৰু মংগোলিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ দ্বাদশ যুটীয়া কাৰ্যকৰী গোটৰ বৈঠকৰ আজি সামৰণি পৰে। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ যুটীয়া সচিব অমিতাভ প্ৰসাদ আৰু মংগোলিয়াৰ প্ৰতিৰক্ষা বিভাগৰ যুটীয়া সচিব ব্রিগেডিয়াৰ জেনেৰেল গানখুয়াগ ডাবাগোডজে যুটীয়াভাৱে এই বৈঠকত অধ্যক্ষতা কৰে। মংগোলিয়াত ভাৰতৰ ৰাষ্ট্রদূত অতুল মালহাৰি গটছুৰভেও এই বৈঠকত অংশগ্রহণ কৰে। দুদিনীয়া বৈঠকৰ এই সময়ছোৱাত দুয়ো পক্ষই উভয় ৰাষ্ট্ৰৰ মাজৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে সন্তোষ ব্যক্ত কৰে। প্ৰতিৰক্ষা মন্...