December 12, 2025 12:27 PM December 12, 2025 12:27 PM

বালাঘাটক নক্সালবাদৰ পৰা মুক্ত ঘোষণা মোহন যাদৱৰ

বালাঘাট জিলাত দুজন মাওবাদীয়ে আত্মসমর্পণ কৰাৰ পাছতে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্রী মোহন যাদৱে ৰাজ্যখনক নক্সালবাদৰ পৰা মুক্ত ঘোষণা কৰিছে। তেওঁ কয় যে, প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ নিৰ্দেশনাত ২০২৬ চনৰ ভিতৰত দেশৰ পৰা নক্সালবাদ সম্পূৰ্ণৰূপে নির্মূল কৰাৰ দৃঢ়তাৰ বাবেই এয়া সম্ভৱ হৈ উঠিছে। ভূপালৰ পৰা ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে বালাঘাটত নক্সালবাদীৰ আত্মসমৰ্পণৰ সৈতে জড়িত Rehabilitation to Rejuvenation অভিযানৰ অধীনত আয়োজিত এটা কার্যসূচীত মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ প্রদান ক...