February 2, 2025 12:03 PM February 2, 2025 12:03 PM
6
লোক সংস্কৃতিৰ সাধক, নাগাৰা নামৰ শিল্পী বিজয় মেধিলৈ ২০২৫ বৰ্ষৰ মোহন ভাইৰা স্মাৰক বঁটা
লোক সংস্কৃতিৰ সাধক, নাগাৰা নামৰ শিল্পী বিজয় মেধিলৈ ২০২৫ বৰ্ষৰ মোহন ভাইৰা স্মাৰক বঁটা আগবঢ়োৱা হয়। সাহিত্য একাডেমী বঁটাপ্ৰাপক তথা কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ প্রাক্তন উপাচার্য ড০ দীপক কুমাৰ শৰ্মাই কালি সদৌ নলবাৰী জিলা ছাত্ৰ সন্থা আৰু জিলা উন্নতি সভাৰ উদ্যোগত নলবাৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত শিল্পীগৰাকীক এই বঁটা প্ৰদান কৰে। এই বঁটাত আছে ফুলাম গামোচা, ফুলাম জাপি, চেলেং, শৰাই, স্মাৰক, সম্বর্ধনা পত্ৰ আৰু নগদ ধন।