May 20, 2024 9:00 PM
18
ইৰানৰ উপ-ৰাষ্ট্ৰপতি মহম্মদ মুখবৰক কাৰ্যবাহী ৰাষ্ট্ৰপতি হিচাপে নিয়োগ, কাইলৈ ভাৰতত ৰাষ্ট্ৰীয় শোক ঘোষণা
ইৰানৰ সৰ্বোচ্চ নেতা আয়াতোল্লা আলী খামেনিয়ে উপ-ৰাষ্ট্ৰপতি মহম্মদ মুখবৰক দেশখনৰ কাৰ্যবাহী ৰাষ্ট্ৰপতি হিচাপে নিয়োগ কৰিছে। ইৰানৰ ৰাষ্ট্ৰপতি ইব্রাহিম ৰাইছিৰ হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হোৱাৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। খামেনিয়ে লগতে ৰাষ্ট্ৰপতিগৰাকীৰ মৃত্যুত ৫ দিনীয়া ৰাষ্ট্ৰীয় শোক পালনৰ নিৰ্দেশ দিয়ে। প্ৰট’কল অনুসৰি দেশখনত ৫০ দিনৰ ভিতৰত নতুনকৈ নিৰ্বাচন অনুষ্ঠিত হ'ব। ইফালে, ভাৰতে ইৰানৰ ৰাষ্ট্ৰপতি ড° ছৈয়দ ইব্রাহিম ৰাইছি আৰু বিদেশ মন্ত্ৰী হুছেইন আমীৰ আব্দুল্লাহিয়ানৰ মৃত্যুত সন্মান জন...