October 5, 2024 11:49 AM

views 15

৪ দিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজো

মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজো অহা সোমবাৰে ৪ দিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব। নতুন দিল্লীত কালি সাংবাদিকৰ আগত এই প্ৰকাশ কৰি বিদেশ পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰত্নধীৰ জছোৱালে কয় যে, এয়া হ'ব মুইজোৰ দ্বিপাক্ষিক ভ্ৰমণ। ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতিগৰাকীয়ে যোৱা জুন মাহত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মন্ত্ৰীসভাৰ সদস্যসকলৰ শপতগ্ৰহণ অনুষ্ঠানত ভাগ লোৱাৰ বাবে ভাৰতলৈ আহিছিল। মুখ্যপাত্ৰগৰাকীয়ে কয় যে, এই ভ্ৰমণৰ সময়ছোৱাত মালদ্বীপৰ ৰাষ্ট্ৰপতিগৰাকী বেংগালুৰু আৰু মুম্বাইলৈ যাব।