March 16, 2025 1:20 PM March 16, 2025 1:20 PM
32
বিশিষ্ট শিল্পী তথা আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত সঞ্চালক চৈয়দ চাদুল্লা লৈ গণশিল্পী মঘাই ওজা বঁটা
গণশিল্পী মঘাই ওজা কলাক্ষেত্ৰই প্ৰতিবছৰে প্ৰদান কৰি অহা গণশিল্পী মঘাই ওজা বঁটা এই বছৰ বিশিষ্ট শিল্পী তথা আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত সঞ্চালক চৈয়দ চাদুল্লা লৈ আগবঢ়োৱা হৈছে। কালি যোৰহাটৰ হাতীগড় নাওশলিয়াত থকা মঘাই ওজা কলাক্ষেত্ৰত সমাজে আয়োজন কৰা গণশিল্পীগৰাকীৰ ৪৫ সংখ্যক মৃত্যু দিৱসত এই ঘোষণা কৰা হয়। উল্লেখযোগ্য যে, চৈয়দ চাদুল্লাই আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ দ্বাৰা ১৯৭৭ চনতে গণশিল্পীগৰাকীৰ দীঘলীয়া সাক্ষাৎকাৰ গ্ৰহণ কৰি আৰু তেওঁৰ ঢোলবাদন বাণীবদ্ধ কৰি তেওঁৰ স্থিতি যুগমীয়া কৰি ৰাখিছি...