October 7, 2024 2:28 PM

views 24

নৱৰাত্ৰিৰ পঞ্চম দিনটোত দেৱী স্কণ্ডমাতাৰ প্ৰতি প্রধানমন্ত্ৰী মোদীয়ে পূজা-অৰ্চনা আগবঢ়ায়

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নৱৰাত্ৰিৰ পঞ্চম দিনটোত দেৱী স্কণ্ডমাতাৰ প্ৰতি পূজা-অৰ্চনা আগবঢ়ায়। সামাজিক মাধ্যমৰ এটা পষ্টত শ্ৰী মোদীয়ে মা সুখদায়িনী-মোক্ষদায়িনীয়ে যেন সকলোকে আশীর্বাদ প্ৰদান কৰে, তাৰ বাবে প্ৰাৰ্থনা কৰে। তেওঁ লগতে এটি গবা গীতো সামাজিক মাধ্যমযোগে শ্বেয়াৰ কৰে।

October 5, 2024 11:39 AM

views 22

এদিনীয়া কাৰ্যসূচীৰে মহাৰাষ্ট্ৰলৈ প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এদিনীয়া কাৰ্যসূচীৰে মহাৰাষ্ট্ৰলৈ যাব। এই সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে ২৩,৩০০ কোটি ব্যয় সাপেক্ষ কৃষি তথা পশুপালন ক্ষেত্ৰৰ বিভিন্ন কাৰ্যসূচী মুকলি কৰিব। তেওঁ বানঝাৰা সম্প্ৰদায়ৰ ঐতিহ্যমণ্ডিত বানঝাৰা বিৰাছত সংগ্ৰহালটো মুকলি কৰিব। ইয়াৰ পাছতেই প্রধানমন্ত্ৰীয়ে থানেত ৩২,৮০০ কোটি ব্যয় সাপেক্ষ বিভিন্ন উন্নয়নমূলক প্রকল্পৰ আধাৰশিলা স্থাপন কৰিব। মহাৰাষ্ট্ৰৰ ৱাছিম জিলাত শ্রীমোদীয়ে প্রধানমন্ত্রী কিষাণ সম্মান নিধি আঁচনিৰ ১৮ সংখ্যক কিস্তিৰ ধন মুকলি কৰি দিব। এই আঁচনিৰ জৰিয...

August 3, 2024 2:16 PM

views 32

ভাৰত পর্যাপ্ত খাদ্য-সামগ্রী থকা দেশ আৰু দেশখনে গোলকীয় খাদ্য-সুৰক্ষা তথা পুষ্টিকৰণ সুৰক্ষাৰ ক্ষেত্ৰত সমাধান সূত্ৰ আগবঢ়াবলৈ সমৰ্থ হৈছেঃ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে ভাৰত পর্যাপ্ত খাদ্য-সামগ্রী থকা দেশ আৰু দেশখনে গোলকীয় খাদ্য-সুৰক্ষা তথা পুষ্টিকৰণ সুৰক্ষাৰ ক্ষেত্ৰত সমাধান সূত্ৰ আগবঢ়াবলৈ সমৰ্থ হৈছে। তেওঁ কয় যে, বহু সংস্কাৰ সাধনেৰে চৰকাৰে কৃষি খণ্ডক সবল কৰি তোলাৰ জৰিয়তে কৃষকসকলৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। নতুন দিল্লীত অনুষ্ঠিত ৩২ সংখ্যক আন্তর্জাতিক কৃষি অর্থনীতিবিদ সমাৰোহত ভাষণ দি আজি প্রধানমন্ত্ৰীয়ে এইদৰে কয়। কৃষিক চৰকাৰৰ অৰ্থনৈতিক নীতিৰ কেন্দ্ৰবিন্দু বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে, ভাৰত ...

July 11, 2024 2:34 PM

views 23

দিল্লীত আগশাৰীৰ অৰ্থনীতিবিদসকলৰ সৈতে প্রধানমন্ত্ৰী মোদীয়ে মত-বিনিময় কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত আগশাৰীৰ অৰ্থনীতিবিদসকলৰ সৈতে মত-বিনিময় কৰিব। শ্রীমোদীয়ে আসন্ন কেন্দ্রীয় বাজেট সন্দৰ্ভত তেওঁলোকৰ দিহা-পৰামৰ্শ গ্ৰহণ কৰিব। অর্থনীতিবিদৰ উপৰি বিভিন্ন ক্ষেত্ৰত বিশেষজ্ঞসকলে এই বৈঠকত অংশগ্ৰহণ কৰিব। বৈঠকত নীতি আয়োগৰ উপাধ্যক্ষ সুমন বেৰি আৰু অন্য সদস্যসকলেও ভাগ ল'ব। সংসদৰ বাজেট অধিবেশন ২২ জুলাইত আৰম্ভ হ'ব আৰু ২৩ জুলাইত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে লোকসভাত ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে বাজেট উত্থাপন কৰিব। এয়া নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথম...

July 4, 2024 8:10 PM

views 38

সন্ত্ৰাসবাদৰ কোনো ৰূপকে ন্যায় সংগত বুলি ক’ব পৰা নাযায়ঃ প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে সন্ত্ৰাসবাদৰ কোনো ৰূপকে ন্যায় সংগত বুলি ক'ব পৰা নাযায়। তেওঁ কয় যে, আন্তঃৰাষ্ট্ৰীয় সম্প্রদায়ে সন্ত্রাসবাদক আশ্রয় দিয়া আৰু সন্ত্ৰাসবাদী কার্যকলাপক মাফ কৰি দিয়া দেশসমূহক উদঙাই দি অকলশৰীয়া কৰিব লাগে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হৈ বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰে কাজাখস্তানৰ আস্থানাত অনুষ্ঠিত চাংহাই সহযোগিতা সংস্থা শীর্ষ সন্মিলনত আজি এইদৰে মন্তব্য কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে, চাংহাই সহযোগিতা সংস্থাৰ মূল লক্ষ্য সন্ত্ৰাসবাদ প্রতিহত কৰাত অগ্ৰাধিকাৰ দিয়া উচ...

July 2, 2024 7:44 PM

views 31

এন ডি এৰ সাংসদসকলক সংসদৰ নিয়ম মানি চলিবলৈ, সংসদীয় সিদ্ধান্ত বৰ্তাই ৰাখিবলৈ আৰু ভাল আচৰণ প্ৰদৰ্শন কৰিবলৈ প্রধানমন্ত্ৰী মোদীৰ আহ্বান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এন ডি এৰ সাংসদসকলক সংসদৰ নিয়ম মানি চলিবলৈ, সংসদীয় সিদ্ধান্ত বৰ্তাই ৰাখিবলৈ আৰু ভাল আচৰণ প্ৰদৰ্শন কৰিবলৈ আহ্বান জনাইছে। নতুন চৰকাৰ গঠন হোৱাৰ পাছত এন ডি এৰ সংসদীয় দলৰ প্ৰথমলানি বৈঠকক সম্বোধন কৰি শ্ৰী মোদীয়ে এইদৰে প্ৰকাশ কৰে। বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে প্রধানমন্ত্ৰীয়ে এন ডি এৰ সকলো সাংসদক ভাল আচৰণ প্ৰদৰ্শন কৰিবলৈ কৈছে। শ্ৰী ৰিজিজুৱে কয় যে বৈঠকত প্রধানমন্ত্ৰীয়ে দল নির্বিশেষে প্রত্যেকগৰাকী সাংসদক দেশৰ ...

June 27, 2024 6:55 PM

views 3

৩০ জুনত আকাশবাণীৰ ‘মন কী বাত’ অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৩০ জুনত আকাশবাণীযোগে প্ৰচাৰ হ'বলগীয়া মন কী বাত অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। প্ৰধানমন্ত্রীয়ে সামাজিক মাধ্যমযোগে নৰেন্দ্ৰ মোদী এপ, মাই গভ মুকলি মঞ্চৰ জৰিয়তে অথবা ১৮০০-১১-৭৮০০ এই শুল্কবিহীন নম্বৰত ফোন কৰি পৰামৰ্শ আগবঢ়াবলৈ সকলোৰে প্ৰতি আহ্বান জনাইছে। অনুষ্ঠানটিৰ এই খণ্ডটিৰ বাবে শুকুৰবাৰ পৰ্যন্ত পৰামৰ্শ গ্ৰহণ কৰা হ’ব। এয়া হ’ব অনুষ্ঠানটোৰ ১১১ সংখ্যক খণ্ড আৰু শ্ৰীমোদী একেৰাহে তৃতীয়টো কাৰ্যকালৰ বাবে প্রধানমন্ত্রী হিচাপে নিৰ্বাচিত হোৱাৰ পাছত প্ৰ...

June 21, 2024 1:09 PM

views 33

৩০ জুনত আকাশবাণীৰ ‘মন কী বাত’ অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৩০ জুনত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ বিনিময় কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ ১১১ সংখ্যক খণ্ড। শ্রীমোদী একেৰাহে তৃতীয়টো কাৰ্যকালৰ বাবে প্রধানমন্ত্রী হিচাপে নিৰ্বাচিত হোৱাৰ পাছত প্ৰচাৰ হ'বলগীয়া এইটো হ'ব মন কী বাতৰ প্ৰথম খণ্ড। প্রধানমন্ত্ৰীয়ে এই খণ্ডৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে ১৮০০-১১-৭৮০০ এই শুল্কবিহীন নম্বৰত ফোন কৰি প্ৰধানমন্ত্ৰীলৈ দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। তেওঁলোকে লগতে নৰেন্দ্ৰ মোদী এপ অথবা মাই গভ...

June 15, 2024 2:19 PM

views 33

ইটালীৰ এদিনীয়া ভ্ৰমণ সামৰি পুৱা নতুন দিল্লীত উপস্থিত প্ৰাধনমন্ত্ৰী মোদী

প্ৰাধনমন্ত্ৰী নৰেন্দ্ৰ মোদী ইটালীৰ এদিনীয়া ভ্ৰমণ সামৰি আজি পুৱা নতুন দিল্লীত উপস্থিত হয়। সামাজিক মাধ্যমৰ এটা পষ্টত প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ইটালী ভ্রমণক ফলদায়ক হিচাপে বৰ্ণনা কৰিছে। শ্ৰী মোদীয়ে বিভিন্ন বিষয়কলৈ বিশ্ব নেতাসকলৰ সৈতে হোৱা আলোচনাত আলোকপাত কৰে। তেওঁ লগতে বিশ্ব সম্প্রদায়ক উপকৃত কৰিব পৰা কেতবোৰ সিদ্ধান্ত আৰু ভৱিষ্যৎ প্ৰজন্মৰ বাবে এখন সুন্দৰ পৃথিৱী তৈয়াৰ কৰাৰ বাবে গ্ৰহণ কৰা প্ৰতিশ্ৰুতিবদ্ধতাৰ কথাও উল্লেখ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে প্রকাশ কৰা অনুসৰি প্ৰধানমন্ত্ৰীৰ এই ভ্রমণে জ...

June 15, 2024 10:14 AM

views 29

অনুন্নত ৰাষ্ট্ৰ বিশেষকৈ আফ্ৰিকাৰ সৈতে জড়িত বিষয়সমূহক অগ্ৰাধিকাৰ দিবলৈ প্ৰধানমন্ত্ৰী মোদীৰ আহ্বান

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্লবেল ছাউথ অর্থাৎ অনুন্নত ৰাষ্ট্ৰ বিশেষকৈ আফ্ৰিকাৰ সৈতে জড়িত বিষয়সমূহক অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনাইছে। ইটালীৰ অপুলিয়াত অনুষ্ঠিত G-7 শীর্ষ সন্মিলনত ভাষণ দি শ্ৰীমোদীয়ে কালি এইদৰে আহ্বান জনায়। তেওঁ কয় যে, ভাৰতৰ অধ্যক্ষতাত আফ্ৰিকীয় সংঘক G-20 ৰাষ্ট্ৰ গোষ্ঠীৰ স্থায়ী সদস্য পদ প্ৰদান কৰাটো দেশৰ বাবে গৌৰৱৰ কথা। শ্রীমোদীয়ে কয় যে, ভাৰতে ২০৭০ বৰ্ষলৈকে শূন্য কার্বন নির্গমনৰ লক্ষ্যত উপনীত হোৱাৰ দিশে অগ্ৰসৰ হৈছে। ভাৰতৰ মিছন লাইফৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে বিশ্ব...