May 23, 2024 7:02 PM
20
পশ্চিমবংগ চৰকাৰে ২০১০ চনৰ পৰা প্ৰদান কৰা অন্যান্য পিছপৰা শ্ৰেণীৰ প্ৰমাণ-পত্ৰ বাতিল ন্যায়ালয়ৰ, প্ৰধানমন্ত্ৰীৰ সমালোচনা
কলকাতা উচ্চ ন্যায়ালয়ে ২০১০ চনৰ পৰা পশ্চিমবংগ চৰকাৰে প্ৰদান কৰা অন্যান্য পিছপৰা শ্ৰেণীৰ সকলো প্ৰমাণ-পত্ৰ বাতিল কৰাৰ প্ৰসংগক লৈ প্ৰধানমন্ত্রী তথা জ্যেষ্ঠ বিজেপি নেতা নৰেন্দ্ৰ মোদীয়ে ৰাজ্যখনৰ মমতা বেনাৰ্জী নেতৃত্বাধীন চৰকাৰখনক সমালোচনা কৰিছে। দিল্লীত আজি এখন নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণ দি প্রধানমন্ত্রী মোদীয়ে, পশ্চিমবংগৰ চৰকাৰখনে ৰাজনৈতিক তুষ্টিকৰণৰ নীতি গ্ৰহণ কৰা বুলি মত প্ৰকাশ কৰি সংবিধান উলংঘনেৰে ৰাজনৈতিক লাভালাভক অধিক গুৰুত্ব দিয়া বুলি মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক দোষাৰোপ কৰে। ভোটবেংকৰ স্বাৰ...