September 10, 2024 7:02 PM

views 62

পদ্ম বঁটাৰ বাবে প্ৰেৰণাদায়ক ব্যক্তিৰ নাম মনোনীত কৰিবলৈ জনসাধাৰণক প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পদ্ম বঁটাৰ বাবে প্ৰেৰণাদায়ক ব্যক্তিৰ নাম মনোনীত কৰিবলৈ জনসাধাৰণক আহ্বান জনাইছে। এই বঁটাৰ বাবে মনোনয়নৰ অন্তিম দিন অহা ১৫ ছেপ্তেম্বৰ ধাৰ্য কৰা হৈছে। সামাজিক মাধ্যমত এই বিষয়ে প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে এই বঁটাৰ বাবে ভালে সংখ্যক মনোনয়ন লাভ কৰাক লৈ সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ কয় যে, বিগত দশকটোত চৰকাৰে তৃণমূল পৰ্যায়ৰ অসংখ্য নায়কক পদ্ম সন্মানেৰে সন্মানিত কৰি আহিছে। এই সন্মান প্ৰাপকসকলৰ জীৱন যাত্ৰাই অগণন লোকক উদ্বুদ্ধ কৰা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, এই ...