December 5, 2025 3:21 PM

views 20

ৰাচিয়াৰ কৃষিমন্ত্ৰী অক্সনা লুটৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙৰ দ্বিপাক্ষিক বৈঠক

■ নতুন দিল্লীত অনুষ্ঠিত ত্রয়োবিংশ ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনত কালি কেন্দ্ৰীয় মীন, পশুপালন আৰু দুগ্ধ উৎপাদন মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে ৰাচিয়াৰ কৃষিমন্ত্ৰী অক্সনা লুটৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। এই বৈঠকৰ সময়ছোৱাত মন্ত্ৰীগৰাকীয়ে দুয়োদেশৰ মাজত মীন, পশুপালন আৰু দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত পাৰস্পৰিক বাণিজ্য সন্দৰ্ভত আলোচনা কৰাৰ লগতে উৎপাদিত সামগ্ৰীৰ বিক্ৰীৰ বাবে বজাৰ আদি ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰে। এই বৈঠকত গৱেষণা, শিক্ষা, প্রযুক্তি, গভীৰ সাগৰত মাছ ধৰা জাহাজ আদি সন্দৰ্ভতো আলোচনা অনুষ্ঠিত হয়। ...

October 27, 2024 8:24 PM

views 11

কাজানত অনুষ্ঠিত ব্রিকছ শীৰ্ষ সন্মিলনত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনক  প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঝাৰখণ্ডৰ শিল্পকলা উপহাৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাজানত অনুষ্ঠিত ব্রিকছ শীৰ্ষ সন্মিলনত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনক ঝাৰখণ্ডৰ শিল্পকলা উপহাৰ দিয়ে। ঝাৰখণ্ডৰ হাজাৰীবাগ জিলাৰ ছোহৰাই চিত্রকলা হৈছে অঞ্চলটোৰ থলুৱা পৰম্পৰাৰ সুন্দৰ প্ৰতিফলন। এই চিত্রকলাসমূহক এক জিলা এক সামগ্ৰী শীৰ্ষক ভাৱাদৰ্শৰ অধীনত স্বীকৃতি প্ৰদান কৰা হৈছে। এই চিত্রকলাসমূহ সৰল আহিলা তথা প্রাকৃতিক ৰঙৰ ব্যৱহাৰৰ বাবে প্রসিদ্ধ। চিত্ৰকৰসকলে গছৰ ডাল, ধানৰ খেৰৰ তুলিকা তথা আঙুলিৰ ব্যৱহাৰেৰে এই চিত্ৰকলাসমূহত শৈলী প্রস্তুত কৰে। জীৱ-জন্তু, চৰাই-চিৰিকটি আৰু...