June 25, 2025 8:56 PM

views 12

ৰাজ্যত সংবিধান হত্যা দিৱস পালন, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ

১৯৭৫ চনত দেশত জৰুৰী অৱস্থা ঘোষণাৰ ৫০ বছৰ পূৰ্ণ হোৱা দিনটো আজি সংবিধান হত্যা দিৱস হিচাপে পালন কৰা হৈছে। দেশৰ আন অংশৰ লগতে অসমতো আজি সংবিধান হত্যা দিৱস পালন কৰা হয়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত এই দিৱসত অংশ লৈ জৰুৰীকালীন অৱস্থাৰ ৫০ বছৰ পাছতো কংগ্ৰেছৰ এই ধৰণৰ মানসিকতাৰ পৰিৱৰ্তন হোৱা নাই আৰু সময়ে সময়ে এই মানসিকতা পৰিলক্ষিত হৈ আহিছে বুলি মন্তব্য কৰে। তেওঁ কয় যে জৰুৰীকালীন অৱস্থাৰ ক'লা অধ্যায় জনসাধাৰণে পাহৰা উচিত নহয় আৰু ভৱিষ্যতে যাতে ইয়াৰ পুনৰাবৃত্তি হ'ব নোৱাৰে তাৰ বাবে সচেতন ...