March 18, 2025 12:55 PM
9
নতুন দিল্লীত প্রধানমন্ত্ৰী ইণ্টাৰ্নশ্বিপ আঁচনিৰ বাবে এটা ম’বাইল এপ মুকলি
কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে কালি নতুন দিল্লীত প্রধানমন্ত্ৰী ইণ্টাৰ্নশ্বিপ আঁচনিৰ বাবে এটা ম'বাইল এপ মুকলি কৰে। এই এপটোৱে সহজসাধ্য পথ নিৰ্দেশনা, আধাৰৰ জৰিয়তে পঞ্জীয়ন আৰু শেহতীয়া তথ্যসমূহৰ বিষয়ে পৰীক্ষাৰ্থীক অৱগত কৰিবলৈ সঠিক সময়ৰ জাননীকে ধৰি বিভিন্ন সুবিধা প্ৰদান কৰিব। কর্মসংস্থাপন, দক্ষতা আৰু সুযোগৰ সম্প্ৰসাৰণৰ বাবে প্রধানমন্ত্ৰীৰ ৫ খন আঁচনিৰ পেকেজ প্ৰৱৰ্তনক বিত্তমন্ত্ৰীগৰাকীয়ে প্ৰশংসা কৰে। তেওঁ জোৰ দি কয়, যে প্রধানমন্ত্ৰীৰ ইণ্টাৰ্নশ্বিপ আঁচনি- শ্ৰেণীকোঠাৰ শিক্ষণ আৰু উদ্যোগসম...