November 12, 2025 7:30 PM

views 22

মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ ১৭,৬৮০ সদস্যাৰ মাজত চেক বিতৰণ

নাৰী সৱলীকৰণৰ দিশত অসমক এখন আদৰ্শ ৰাজ্য হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টা হিচাপে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই আজি খানাপাৰাত আয়োজিত এখন সভাত আত্মসহায়ক গোটৰ ১৭ হাজাৰ ৬৮০ গৰাকী সদস্যাৰ মাজত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত চেক বিতৰণ কৰে। মুখ্যমন্ত্ৰী শৰ্মাই তেওঁৰ ভাষণত কয়, যে মহিলাসকলক আর্থিকভাৱে স্বাৱলম্বী কৰি তোলাৰ লক্ষ্যৰে এই আঁচনি ৰূপায়ণ কৰা হৈছে। অনুষ্ঠানৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীয়ে গুৱাহাটীত ভেণ্ডিং জ’ন বা ব্যৱসায়িক ক্ষেত্ৰত আত্মসহায়ক গোটৰ সদস্যাসকলক অগ...