December 16, 2025 1:31 PM

views 24

লামডিং সমষ্টিৰ ২৫ হাজাৰতকৈও অধিক মহিলা হিতাধিকাৰীক মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিৰ চেক বিতৰণ

মহিলা উদ্যমিতা আঁচনিৰ অধীনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই আজি লামডিং সমষ্টিৰ ২৫ হাজাৰতকৈও অধিক মহিলা হিতাধিকাৰীক ১০ হাজাৰ টকাৰ চেক বিতৰণ কৰিছে। হোজাইৰ শ্ৰীমন্ত শংকৰদেৱ নগৰৰ খেলপথাৰত এই কাৰ্যসূচী অনুষ্ঠিত হৈছে। চেক বিতৰণ কৰি দিয়া ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে ৰাজ্যৰ ৩৫ লাখ মহিলাক উদ্যমিতা আঁচনিৰ অধীনত প্ৰথম কিস্তিৰ ১০ হাজাৰ টকাৰ চেক বিতৰণৰ বাবে চৰকাৰে লক্ষ্য নিৰ্ধাৰণ কৰিছে। তেওঁ চৰকাৰে দিয়া এই ধনৰ সদ্ব্যৱহাৰ কৰিবলৈ মহিলাসকলক আহ্বান জনায়। ড° শৰ্মাই কয়, যে যিসকল মহিলাই এই আঁচনিৰ প্ৰথ...