June 11, 2025 12:00 PM

views 23

বৰাক উপত্যকাৰ বিকাশ ত্বৰান্বিত কৰাৰ উদ্দেশ্যে দিছপুৰৰ লোকসেৱা ভৱনত মন্ত্ৰী-বিধায়ক, বৰাক উপত্যকা উন্নয়ন বিভাগৰ বিষয়া-কৰ্মচাৰীৰে মুখ্যমন্ত্ৰীৰ বৈঠক

বৰাক উপত্যকাৰ বিকাশ ত্বৰান্বিত কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি দিছপুৰৰ লোকসেৱা ভৱনত মন্ত্ৰী, বিধায়ক তথা বৰাক উপত্যকা উন্নয়ন বিভাগৰ বিষয়া কৰ্মচাৰীসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে বৰাক উপত্যকাৰ আৰ্থসামাজিক আৰু কৌশলগত দিশসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰি কাছাৰ, শ্রীভূমি আৰু হাইলাকান্দি জিলাৰ সামগ্রিক বিকাশৰ বাবে উমৈহতীয়া উন্নয়ন লক্ষ্যৰ পোষকতা কৰে। তেওঁ লগতে বৰাক উপত্যকাত চলি থকা উন্নয়নমূলক প্রকল্পসমূহ নির্ধাৰিত সময়ত সম্পন্ন কৰাত গুৰুত্ব...