March 25, 2025 7:13 PM March 25, 2025 7:13 PM
20
মিজোৰামৰ মুখ্যমন্ত্ৰী লালডুমাৰ তেওঁৰ মন্ত্ৰীসভাৰ সাতগৰাকী মন্ত্ৰীৰ দপ্তৰৰ সাল-সলনি
মিজোৰামৰ মুখ্যমন্ত্ৰী লালডুমাই তেওঁৰ মন্ত্ৰীসভাৰ সাতগৰাকী মন্ত্ৰীৰ দপ্তৰৰ সাল-সলনি ঘটাইছে। গৃহমন্ত্ৰীৰ দায়িত্বত থকা কে চাপদাংগাৰ হাতৰ পৰা দুৰ্যোগ ব্যৱস্থাপনা আৰু সাহায্য বিভাগ কৰ্তন কৰা হৈছে। ৰাজ্য মন্ত্ৰী লালথিংলভাক ক্রীড়া আৰু যুৱ কল্যাণৰ লগতে পৰ্যটন বিভাগৰো দায়িত্ব দিয়া হৈছে। ছি লালছয়ভুঙাক কলা-সংস্কৃতি বিভাগ, জিলা পৰিষদ বিভাগ আৰু পশু চিকিৎসা বিভাগৰ অতিৰিক্ত দায়িত্ব দিয়া হৈছে। ভানলাললানাক জনসংযোগ আৰু ছপা আৰু লেখন সামগ্ৰী বিভাগৰ অতিৰিক্ত দায়িত্ব দিয়া হৈছে।