September 18, 2024 12:13 PM

views 27

মিজোৰামত হৈ থকা ধাৰাষাৰ বৰষুণৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ, ৰে’লপথেৰে যাতায়াত ব্যাহত

মিজোৰামত হৈ থকা ধাৰাষাৰ বৰষুণৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰে’লপথসমূহেৰে যাতায়াত ব্যৱস্থা অতি বেয়াকৈ ক্ষতিগ্রস্ত হৈছে। পাহাৰীয়া ৰাজ্যখনলৈ অত্যাৱশ্যকীয় খাদ্যসামগ্রী, ইন্ধন আদি সৰবৰাহৰ ক্ষেত্ৰতো বাধাৰ সৃষ্টি হৈছে। ৰে’ল বিভাগৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি যোৱা মাহত হোৱা বান আৰু ভূমিস্খলনৰ ফলত ২১ আগষ্টৰ পৰা হাইলাকান্দি জিলাৰ জামিৰাৰ সৈতে মিজোৰামৰ বাইৰাবীৰ পৰা ৰে’ল সেৱা বন্ধ হৈ আছে। উত্তৰ-পূব সীমান্ত ৰে’লৱেই প্ৰকাশ কৰা অনুসৰি ৰে’লপথেৰে যাতায়াত পুনৰ আৰম্ভ কৰাৰ বাবে বিভাগৰ অভিযন্তা আৰু শ্ৰমিকসকলে দিনে-ন...