April 16, 2025 12:27 PM

views 17

মানৱীয় সৃষ্টিশীলতা আৰু চিন্তা চেতনাক উদযাপন কৰাৰ বাবে মিজোৰামত বিশ্ব কলা দিৱসৰ আয়োজন

বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে মিজোৰামতো মানৱীয় সৃষ্টিশীলতা আৰু চিন্তা চেতনাক উদযাপন কৰাৰ বাবে বিশ্ব কলা দিৱসৰ আয়োজন কৰা হয়। আইজলৰ ট্ৰেজাৰী স্কুৱাৰত আয়োজিত এই অনুষ্ঠানত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী লালডুৱোমাৰ উপৰি ৰাজ্যখনৰ বিশিষ্ট শিল্পীসকল আৰু বহিঃৰাজ্যৰ ভালেসংখ্যক শিল্পী উপস্থিত থাকে। ভাৰত আন্তঃৰাষ্ট্ৰীয় কলা সংস্থা আৰু মিজোৰাম চৰকাৰৰ উদ্যোগত এই অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এইবাৰ এই উৎসৱৰ বিষয় এ গার্ডেন অব এক্সপ্রেছন, কাল্টিভেটিং কমিউনিটী থ্র' আৰ্টে ...