November 12, 2025 12:36 PM

views 39

যান-বাহন ব্যৱস্থাপনাৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা অতুলনীয় সাফল্যৰ বাবে মিজোৰামলৈ কেন্দ্ৰীয় চৰকাৰৰ বিশেষ বঁটা

মিজোৰামে ৰাজ্যখনত যান-বাহন ব্যৱস্থাপনাৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা অতুলনীয় সাফল্যৰ বাবে কেন্দ্ৰীয় গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ অধীনৰ নগৰীয়া পৰিবহণ বিভাগৰ দ্বাৰা বিশেষ বঁটা লাভ কৰিছে। হাৰিয়ানাৰ গুৰুগ্ৰামত অনুষ্ঠিত অষ্টাদশ আৰবান মবিলিটি ইণ্ডিয়া সন্মিলনত ৰাজ্যখনক কালি এই বঁটাৰে সন্মানিত কৰা হয়। মিজোৰামৰ নগৰ উন্নয়ন আৰু দৰিদ্ৰতা দূৰীকৰণ বিভাগৰ সচিব লালমালচাট্টমা পাচোৱাই এই বঁটা গ্ৰহণ কৰে। এই অনুষ্ঠানত কেন্দ্ৰীয় নগৰ পৰিক্ৰমা আৰু গৃহ নিৰ্মাণ মন্ত্রী মনোহৰ লাল আৰু বিভাগটোৰ ৰাজ্য মন্ত্রী তোখন চাহ...

October 27, 2025 9:14 PM

views 40

দেশৰ ভিতৰত আটাইতকৈ কম দুর্নীতি হোৱা ৰাজ্যৰ তালিকাত দ্বিতীয় স্থানত মিজোৰাম

মিজোৰামে দেশৰ ভিতৰত আটাইতকৈ কম দুর্নীতি হোৱা ৰাজ্যৰ তালিকাত দ্বিতীয় স্থান দখল কৰিছে। এই তালিকাত লাক্ষাদ্বীপ প্রথম স্থানত আছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পু লালদুঅ'মাই সতর্কতা সজাগতা সপ্তাহ ২০২৫ উপলক্ষে এই কথা ঘোষণা কৰে। এই সফলতাৰ ক্ষেত্ৰত ৰাজ্যখনৰ চৰকাৰৰ সুপ্ৰশাসন আৰু স্বচ্ছতাৰ নীতিয়ে অৰিহণা যোগাইছে বুলি তেওঁ মত প্ৰকাশ কৰে। তেওঁ লগতে দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ৰাজ্যখনৰ জনসাধাৰণৰ সমন্বিত আৰু দায়বদ্ধ প্ৰচেষ্টাৰ কথাও উল্লেখ কৰে। তেওঁ কয়, যে চৰ্দাৰ বল্লভ ভাই পেটেলৰ জয়ন্তী উপলক্ষে প্ৰতিব...

October 7, 2025 12:00 PM

views 88

অহা ১১ নৱেম্বৰত মিজোৰামৰ ডাম্পা বিধানসভা সমষ্টিৰ বাবে উপ-নির্বাচন অনুষ্ঠিত হ’ব

● নির্বাচন আয়োগে অহা ১১ নৱেম্বৰত মিজোৰামৰ ডাম্পা বিধানসভা সমষ্টিৰ বাবে উপ-নির্বাচন অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰিছে। অহা ১৪ নৱেম্বৰত ভোটগণনা কৰা হ'ব। নির্বাচন আয়োগে কালি সন্ধিয়া মিজোৰামৰ ডাম্পা সমষ্টিৰ লগতে আৰু আন ৭ খন ৰাজ্যৰ কেইবাটাও সমষ্টিৰ উপ-নির্বাচন তথা বিহাৰ বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰে।

October 4, 2025 12:39 PM

views 22

২০২৫-২৬ বৰ্ষৰ বাবে মিজোৰামৰ গ্ৰাম্য স্থানীয় নিকায়সমূহৰ বাবে ১৪ কোটি ৪০ লাখ টকাৰ দ্বিতীয় কিস্তিৰ অনুদান মুকলি

 কেন্দ্ৰীয় চৰকাৰে ২০২৫-২৬ বৰ্ষৰ বাবে মিজোৰামৰ গ্ৰাম্য স্থানীয় নিকায়সমূহৰ বাবে পঞ্চদশ বিত্ত আয়োগৰ অধীনত ১৪ কোটি ৪০ লাখ টকাৰ দ্বিতীয় কিস্তিৰ অনুদান মুকলি কৰিছে। পঞ্চায়তীৰাজ মন্ত্রালয়ে জনোৱা মতে, এই অনুদানৰ জৰিয়তে ৰাজ্যখনৰ ৮০৮ খন যোগ্য গাঁও পৰিষদৰ সকলো উপকৃত হ'ব। এই অনুদানসমূহ ঘৰুৱা আৱৰ্জনা ব্যৱস্থাপনা আৰু পৰিশোধন, খোৱাপানীৰ যোগান আৰু বৰষুণৰ পানী সংগ্ৰহকে ধৰি অনাময় আৰু অ'ডিএফৰ মৰ্যাদা ৰক্ষাৰ সৈতে জড়িত মৌলিক সেৱাসমূহৰ বাবে ব্যৱহাৰ কৰা হ'ব।

September 1, 2025 11:50 AM

views 80

মাদক দ্ৰব্যৰ অবৈধ ব্যৱসায় ৰোধৰ বাবে মিজোৰাম চৰকাৰৰ আজিৰে পৰা ৪ মহীয়া বিশেষ অভিযান আৰম্ভ

■ মিজোৰাম চৰকাৰে মাদক দ্ৰব্যৰ অবৈধ ব্যৱসায় ৰোধ কৰাৰ বাবে আজিৰে পৰা চাৰিমহীয়া বিশেষ অভিযান আৰম্ভ কৰিছে। ৰাজ্যখনৰ এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে সুদীর্ঘ এই বিশেষ চাৰিমহীয়া অভিযান আজিৰে পৰা আৰম্ভ হৈছে আৰু ই চলিত বছৰৰ ৩১ ডিচেম্বৰত অন্ত পৰিব। আৰক্ষী, আইন বলৱৎকাৰী বিভিন্ন সংস্থা আৰু ইয়ং মিজো এছ'ছিয়েচনৰ উদ্যোগত ৰাজ্যখনৰ ১১ খন জিলাৰ মাদক দ্রব্য প্ৰভাৱিত অঞ্চল, গাওঁ আৰু সীমান্ত অঞ্চলত এই অভিযান চলোৱা হ'ব। মিজোৰামৰ ছখন জিলা বিশেষকৈ- চাম্ফাই, চিহা, লংটলাই, হুনাহথিয়াল, চাইটুৱাল আৰু চেৰচ্চিপ অ...

August 25, 2025 10:22 AM

views 34

দেশৰ ৰে’ল মানচিত্ৰত মিজোৰামৰ ৰাজধানী আইজল অন্তৰ্ভুক্ত

● দেশৰ ৰে'ল মানচিত্ৰত মিজোৰামৰ ৰাজধানী আইজল অন্তৰ্ভুক্ত হৈছে। আইজলৰ নিকটৱৰ্তী ছাইৰাঙৰ পৰা দেশৰ বাকী অংশলৈ যাত্ৰীবাহী ৰে'লৰ চলাচল আনুষ্ঠানিকভাৱে আৰম্ভ হ'বলৈ প্ৰায় এপষেকহে বাকী।

August 24, 2025 12:52 PM

views 31

১৩ ছেপ্তেম্বৰত ছাইৰাঙত মিজোৰামৰ প্ৰথমটো ৰে’ল ষ্টেচন উদ্বোধন প্রধানমন্ত্ৰী মোদীৰ

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা ১৩ ছেপ্তেম্বৰত ছাইৰাঙত মিজোৰামৰ প্ৰথমটো ৰে'ল ষ্টেচন উদ্বোধন কৰিব । মিজোৰামৰ মুখ্যমন্ত্ৰী লালডুঅ'মাই শুকুৰবাবে এই কথা প্ৰকাশ কৰে। ৫১ দশমিক ৩-৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ বৈৰবী-ছাইৰাং সংযোগী ব্ৰজগজ ৰে'ল পথ অভিযান্ত্ৰিক সাফল্যৰ উজ্জ্বল নিদৰ্শনৰূপে পৰিগণিত হৈছে। এই পথছোৱাত ৪৮ টা সুৰংগ আৰু ৫৫ খন দলং আছে। এই ৰে'ল পথছোৱাত ১০৪ মিটাৰ উচ্চতাত দেশৰ সবাটোকৈ ওখ ৰে'ল সেতুও আছে। ২০০৮-০৯ চনত আৰমম্ভ কৰা এই প্ৰকল্পৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে আৰু ৰে'ল সুৰক্ষা আয়ুক্তই ইতিমধ্যে পথছোৱাৰে পৰী...

June 24, 2025 8:21 PM

views 23

শাৰদ আগৰৱালক মিজোৰামৰ নতুন আৰক্ষী সঞ্চালক প্ৰধানৰূপে নিযুক্তি

অৰুণাচল প্ৰদেশ, গোৱা, মিজোৰাম আৰু কেন্দ্ৰীয় শাসিত অঞ্চল কেদাৰৰ জ্যেষ্ঠ আই পি এছ বিষয়া শাৰদ আগৰৱালক মিজোৰামৰ নতুন আৰক্ষী সঞ্চালক প্ৰধানৰূপে নিযুক্তি দিয়া হৈছে। ১৯৯৭ চনৰ ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া শ্রীআগৰৱালে ইয়াৰ পূৰ্বে দিল্লী পুলিচৰ অৰ্থনৈতিক অপৰাধ শাখাৰ বিশেষ আয়ুক্তৰূপে কাৰ্যনিৰ্বাহ কৰি আছিল। শ্ৰীআগৰৱালে বৰ্তমানৰ সঞ্চালক প্রধান অনিল শুক্লাৰ পৰা কাৰ্যভাৰ গ্ৰহণ কৰিব।

May 21, 2025 12:21 PM

views 26

মিজোৰাম দেশৰ ভিতৰতে সম্পূৰ্ণৰূপে সাক্ষৰতাপ্রাপ্ত প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত

মিজোৰাম দেশৰ ভিতৰতে সম্পূৰ্ণৰূপে সাক্ষৰতাপ্রাপ্ত প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হৈছে। ৰাজ্যখনৰ মুখ্যমন্ত্রী লালডুমা কালি কেন্দ্ৰীয় শিক্ষা দপ্তৰৰ ৰাজ্যমন্ত্রী জয়ন্ত চৌধুৰীৰ উপস্থিতিত মিজোৰামক পূর্ণ সাক্ষৰতাপ্রাপ্ত ৰাজ্য হিচাপে ঘোষণা কৰে। আইজলৰ মিজোৰাম বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্রীগৰাকীয়ে কয়, যে সর্বাত্মক শিক্ষা আৰু প্ৰতিগৰাকী নাগৰিকৰ সৱলীকৰণৰ বাবে গ্রহণ কৰা শক্তিশালী পদক্ষেপৰ ফলত ৰাজ্যখনে এই সফলতা লাভ কৰিছে। উল্লেখযোগ্য যে ২০১১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি ...

April 9, 2025 7:02 PM

views 21

মিজোৰামত ৰাষ্ট্ৰীয় জনজাতি যুৱ মহোৎসৱৰ শুভাৰম্ভ

মিজোৰামৰ কেলছিহত থকা ৰাজ্যিক জনজাতীয় সম্পদ কেন্দ্ৰত কালি সন্ধিয়া ৰাষ্ট্ৰীয় জনজাতি যুৱ মহোৎসৱৰ শুভাৰম্ভ হৈছে। আদিবাসী মুক্তিযোদ্ধা বীৰচা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তীৰ বছৰজোৰাৰ সৈতে সংগতি ৰাখি এই জনজাতীয় মুক্তিযোদ্ধাসকলক সন্মান জনোৱাৰ লগতে দেশপ্ৰেমৰ অনুভাৱ শক্তিশালী কৰাৰ লক্ষ্যৰে এই মহোৎসৱৰ আয়োজন কৰা হৈছে। যুৱ প্ৰজন্ম আৰু জনসাধাৰণৰ মাজত মহোৎসৱৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত মিজো জনগোষ্ঠীৰ কেইবাগৰাকীও শিল্পী অংশ লৈছে। তদুপৰি নাগালেণ্ড আৰু মণিপুৰৰ কেইবাগৰাকী খ্যাতিমান শিল্পীয়ে এই মহোৎসৱত অনুষ্ঠান প...