October 21, 2024 11:24 AM

views 10

মিছন বসুন্ধৰাৰ তৃতীয় সংস্কৰণ মুকলি

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খিলঞ্জীয়া লোকক ভূমি পট্টা প্ৰদানৰ বাবে গুৱাহাটীত কালি মিছন বসুন্ধৰাৰ তৃতীয় সংস্কৰণ মুকলি কৰে। তৃতীয় পৰ্যায়ৰ মিছন বসুন্ধৰাৰ অধীনত ভূমি সম্পৰ্কীয় বিভিন্ন সেৱা ডিজিটাইজ কৰাৰ লগতে মানচিত্ৰ প্ৰকাশ আৰু জনসাধাৰণক ভূমিৰ অধিকাৰ প্ৰদান কৰাৰ প্ৰক্ৰিয়াটো সৰলীকৰণ কৰিবলৈ নতুন নিয়ম ৰূপায়ণ কৰা হৈছে। মুখ্যমন্ত্ৰী শৰ্মাই লগতে ৰাজহ বিভাগৰ পঞ্জীভুক্ত নোহোৱা আৰু বিকল্প পঞ্জীয়নৰ নথিৰ বাবে ডিজিড শীর্ষক এটা ডিজিটেল নিৰ্দেশক মুকলি কৰে। ইয়াৰ জৰিয়তে ভূমি পঞ্জীয়নৰ সেৱা সৰলী...

October 20, 2024 11:46 AM

views 22

অসমত আজিৰ পৰা মিছন বসুন্ধৰা তৃতীয় সংস্কৰণ আৰম্ভ

ৰাজ্যত আজিৰ পৰা মিছন বসুন্ধৰা তৃতীয় সংস্কৰণ আৰম্ভ হ'ব। তৃতীয় পৰ্যায়ৰ মিছন বসুন্ধৰাৰ অধীনত ভূমিহীন লোকক ভূমি প্রদান, দ্বিতীয় পৰ্যায়ৰ মিছন বসুন্ধৰাত আবেদন কৰা লোকসকলৰ স্থগিত ৰখা আবেদনসমূহ পুনৰীক্ষণ, নগৰ আৰু কাষৰীয়া অঞ্চলত ৰেহাই প্রিমিয়াম হাৰত একচনীয়া পট্টাৰ ম্যাদীকৰণৰ কাম আৰম্ভ কৰা, পূৰ্বৰ গ্ৰাম্য কিন্তু পৰৱৰ্তীকালত নগৰ অঞ্চল হিচাপে ঘোষিত এলেকাত দখলীস্বত্ব থকা ৰায়তক মালিকীস্বত্ব প্রদান, প্ৰসাৰিত ৰূপত ভূমিৰ শ্রেণী পৰিৱৰ্তন, চাহ অনুদান ভূমিৰ পট্টাৰ শ্ৰেণী পৰিৱৰ্তন আৰু পট্টা প্ৰদান আদি কাৰ্য...

September 8, 2024 7:23 PM

views 13

ৰাজ্যত তৃতীয় পৰ্যায়ৰ মিছন বসুন্ধৰাৰ কাম-কাজ অক্টোবৰ মাহৰ পৰা আৰম্ভ হ’ব

ৰাজ্যত তৃতীয় পৰ্যায়ৰ মিছন বসুন্ধৰাৰ কাম-কাজ অক্টোবৰ মাহৰ পৰা আৰম্ভ হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত ৰাজহ বিভাগৰ এখন কৰ্মশালাত এই কথা ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা মতে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ মিছন বসুন্ধৰাত থাকি যোৱা আবেদনকাৰীসকলৰ আবেদন তৃতীয় পৰ্যায়ত পৰীক্ষণ কৰা হ'ব। তদুপৰি তৃতীয় পৰ্যায়ৰ মিছন বসুন্ধৰাত সামাজিক সংস্থা, শিক্ষানুষ্ঠান, দেৱোত্তৰ বৰ্ডৰ ভূমি ম্যাদী পট্টাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে লগ...