November 18, 2024 12:18 PM November 18, 2024 12:18 PM
13
মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত পঃৰাগ উৎসৱ উদযাপনৰ লাইখুঁটা স্থাপন
শিৱসাগৰ জিলাৰ দিচাংমুখৰ বলমা মিচিং গাঁৱত মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত পঃৰাগ উৎসৱ উৎসৱ উদযাপনৰ কালি লাইখুঁটা স্থাপন কৰা হয়। উৎসৱ উদযাপন সমিতিৰ সম্পাদক কাতিৰাম মিলিয়ে আঁত ধৰা অনুষ্ঠানত উদযাপন সমিতিৰ সভাপতি ৰামচন্দ্ৰ মিলিয়ে লাইখুঁটা স্থাপন কৰে। অনুষ্ঠানত অঞ্চলটোৰ সমূহ ৰাইজ উপস্থিত থাকে। অহা ১৭, ১৮ আৰু ১৯ জানুৱাৰীত পঃৰাগ উৎসৱ উদযাপনৰ তাৰিখ থিৰাং কৰা হৈছে।