October 30, 2024 8:33 PM October 30, 2024 8:33 PM

views 5

মিচিং ভাষা দিৱস উপলক্ষে জনগোষ্ঠীটোৰ লোকসকললৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ শুভেচ্ছা

মিচিং ভাষা দিৱস উপলক্ষে আজি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই জনগোষ্ঠীটোৰ লোকসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া বাৰ্তাত মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যখনৰ অন্যতম নৃগোষ্ঠী, চহকী লোকসংস্কৃতি, বাচকবনীয়া হস্তশিল্প, বয়নশিল্প আৰু সাংস্কৃতিক সম্ভাৰেৰে সমৃদ্ধ মিচিংসকলে অসমৰ জনজীৱনলৈ উল্লেখনীয় অৱদান আগবঢ়াই আহিছে। এই দিৱস উপলক্ষে মিচিং ভাষাৰ প্ৰসাৰৰ হকে অহোপুৰুষাৰ্থ কৰি অহা বৰেণ্য ব্যক্তি তথা সংগঠনসমূহক মুখ্যমন্ত্ৰীয়ে অভিনন্দন জনায়। তেওঁ কয় যে ৰাজ্য চৰকাৰে অসমৰ প্ৰতিটো ভাষাৰ উত্তৰণ, ...