June 27, 2025 12:51 PM
35
মীৰা বৰঠাকুৰ গোস্বামীৰ বিৰুদ্ধে ৰিণিকী ভূঞা শৰ্মাৰ মানহানি গোচৰ ৰুজু
অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্রী মীৰা বৰঠাকুৰ গোস্বামীৰ বিৰুদ্ধে প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট লিমিটেডৰ পৰিচালন সঞ্চালক ৰিণিকী ভূঞা শৰ্মাই এটা মানহানি গোচৰ ৰুজু কৰিছে। ডিব্ৰুগড়ত কংগ্ৰেছৰ এখন সভাত মীৰা বৰঠাকুৰ গোস্বামীয়ে ৰিণিকী ভূঞা শৰ্মাই কামাখ্যা দেৱালয় আৰু মহামৃত্যুঞ্জয় মন্দিৰৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন কৰিছিল । অহা ১৮ আগষ্টত এই গোচৰৰ শুনানিৰ দিন ধাৰ্য কৰা হৈছে।