March 27, 2025 11:06 AM

views 20

১০ বছৰৰ ভিতৰত ভাৰত-ম্যানমাৰ সীমান্ত সম্পূৰ্ণৰূপে ছীল কৰাৰ সিদ্ধান্ত কেন্দ্ৰৰ

■ উগ্রপন্থী সংগঠন আলফা স্বাধীনকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ উগ্ৰপন্থী গোটসমূহৰ আহ-যাহ বন্ধ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে অহা ১০ বছৰৰ ভিতৰত ভাৰত-ম্যানমাৰ সীমান্ত সম্পূৰ্ণৰূপে ছীল কৰাৰ সিদ্ধান্ত লৈছে। ৩১ হাজাৰ কোটি টকা ব্যয়সাপেক্ষ এই কাম ইতিমধ্যে আৰম্ভ হৈছে। ইয়াৰ অধীনত এহেজাৰ ৬৪৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ ভাৰত-ম্যানমাৰ সীমান্তত অত্যাধুনিক প্রযুক্তিৰে নিৰ্মিত কাঁইটিয়া তাঁৰৰ বেৰ দিয়া হ'ব। আছাম ৰাইফল্‌ছৰ অভিযন্তাই কাটিব নোৱাৰা আৰু বগাব নোৱাৰা কাঁইটিয়া তাঁৰৰ বেৰৰ নতুন প্রযুক্তি উদ্ভাৱন কৰিছে আৰু এই প্ৰযুক্তিৰে...

November 17, 2024 6:23 PM

views 27

মণিপুৰৰ জনসাধাৰণক কোনো ধৰণৰ উৰা বাতৰিত ভোল নাযাবলৈ আৰু শান্তি-শৃংখলা বৰ্তাই ৰখাৰ বাবে সুৰক্ষা বাহিনীৰে সহযোগিতা কৰিবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ আহ্বান

মণিপুৰৰ পৰিস্থিতি ক্রমান্বয়ে বেয়াৰ পিনে ঢাল খাইছে। জিৰিবাম জিলাৰ পৰা ছদিন পূর্বে তিনিটি শিশু আৰু তিনিগৰাকী মহিলা সন্ধানহীন হোৱাৰ পাছত শেহতীয়াকৈ আটাইকেইগৰাকীৰে মৃতদেহ উদ্ধাৰ হোৱা ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যখনৰ পৰিস্থিতি পুনৰ জটিল হৈ পৰিছে। শুকুৰবাৰে নিশা আৰু শনিবাৰে মৃতদেহকেইটা নদীত উদ্ধাৰ হোৱাৰ পাছত কালিৰে পৰা মেইটেই লোকৰ প্ৰতিবাদত ৰাজ্যখনৰ পৰিস্থিতি উত্তাল হৈ পৰিছে। একাংশ প্ৰতিবাদকাৰীয়ে কালি ৰাজ্যখনৰ দুজন মন্ত্ৰী আৰু তিনিজন বিধায়কৰ বাসগৃহত আক্ৰমণ কৰাৰ পাছত ইম্ফলত সান্ধ্য আইন জাৰি কৰাৰ লগতে চাৰ...

October 31, 2024 7:17 PM

views 24

অসম আৰক্ষীৰ স্পেচিয়েল টাস্ক ফৰ্চৰ তিনিজন শীৰ্ষ আৰক্ষী বিষয়া আৰু এজন কনিষ্টবলক কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক সন্মানৰ বাবে নিৰ্বাচিত

অসম আৰক্ষীৰ স্পেচিয়েল টাস্ক ফৰ্চৰ তিনিজন শীৰ্ষ আৰক্ষী বিষয়া আৰু এজন কনিষ্টবলক কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক সন্মানৰ বাবে নিৰ্বাচিত হৈছে। ৰাজ্যখনত বিগত বৰ্ষৰ ২১ মাৰ্চৰ পৰা চলিত বৰ্ষৰ ২০ মাৰ্চলৈ কেইবাটাও অভিযানত সফলতা লাভ কৰাৰ স্বীকৃতিস্বৰূপে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে অসম আৰক্ষীৰ স্পেচিয়েল টাস্ক ফৰ্চৰ চাৰিজন শীৰ্ষ আৰক্ষী বিষয়ালৈ এই সন্মান প্ৰদান কৰাৰ বিষয়ে ঘোষণা কৰে। স্পেচিয়েল টাস্ক ফৰ্চৰ মহাপৰিদৰ্শক পাৰ্থ সাৰথি মহন্ত, অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ পাঠক, লেন্স নায়ক হেমন্ত কছাৰী আৰু ক...