February 14, 2025 9:10 PM

views 32

দিল্লীৰ পূৰ্বৰ মন্ত্ৰী সত্যেন্দৰ জৈনৰ বিৰুদ্ধে গোচৰ ৰুজুৰ বাবে অনুমতি বিচাৰি ৰাষ্ট্ৰপতি মুৰ্মুক অনুৰোধ গৃহ মন্ত্ৰালয়ৰ

গৃহ মন্ত্ৰালয়ে দিল্লীৰ পূৰ্বৰ মন্ত্ৰী সত্যেন্দৰ জৈনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ বাবে অনুমতি বিচাৰি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক অনুৰোধ জনাইছে। উল্লেখযোগ্য যে গৃহ মন্ত্ৰালয়ে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ২১৮ অনুচ্ছেদৰ অধীনত শ্রীজৈনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰপতিৰ পৰা অনুমতি বিচাৰিছে। বিধি বলবৎকাৰী সঞ্চালকালয়ৰ পৰা সংগ্রহিত যথেষ্ট প্ৰমাণৰ ওপৰত ভিত্তি কৰি তেওঁৰ বিৰুদ্ধে এই গোচৰ ৰুজু কৰিবলৈ বিচৰা হৈছে। অর্থনৈতিক অনিয়ম আৰু আন বহুকেইটা অভিযোগৰ বাবে শ্রীজৈনক তদাৰক কৰি থকা হৈছে।

October 31, 2024 5:32 PM

views 25

২০২৪ বৰ্ষৰ কেন্দ্ৰীয় গৃহমন্ত্রী দক্ষতা পদক প্ৰদান

কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী, কেন্দ্ৰীয় আৰক্ষী সংস্থা আৰু বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ৪৬৩ গৰাকী ব্যক্তিক ২০২৪ বৰ্ষৰ কেন্দ্ৰীয় গৃহমন্ত্রী দক্ষতা পদক প্ৰদান কৰা হৈছে। বিশেষ অভিযান, তদন্ত, গোপন আৰু ফৰেণচিক বিজ্ঞান ক্ষেত্ৰত আগবঢ়োৱা উৎকৃষ্ট কাৰ্যক মান্যতা প্ৰদান কৰাৰ লগতে উচ্চ পেছাদাৰী মানৰ প্ৰসাৰ তথা বিষয়াসকলক উৎসাহিত কৰাৰ বাবে এই পদক প্ৰদান কৰা হয় । কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰ্যালয়ে চলিত বৰ্ষৰ ১ ফেব্ৰুৱাৰীত এই বঁটা প্ৰণয়ন কৰিছিল। মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি প্ৰতি...

October 2, 2024 9:35 AM

views 27

অসমকে ধৰি ১৪ খন বান ক্ষতিগ্ৰস্ত ৰাজ্যলৈ কেন্দ্রীয় গৃহ মন্ত্ৰালয়ৰ পুঁজিৰ আৱণ্টন

● কেন্দ্রীয় গৃহ মন্ত্ৰালয়ে অসমকে ধৰি ১৪ খন বান ক্ষতিগ্ৰস্ত ৰাজ্যলৈ ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি পুজি আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰিৰ পুজিৰ অংশ হিচাপে ৫ হাজাৰ ৮৫৮ কোটি ৬০ লাখ টকাৰ আৱণ্টন দিছে। কেন্দ্ৰীয় চৰকাৰে অসমলৈ ৭১৬ কোটি টকা আবণ্টন দিছে। একেদৰে মহাৰাষ্ট্ৰলৈ ১,৪৯২ কোটি টকা, অন্ধ্ৰ প্ৰদেশলৈ এহেজাৰ কোটিৰো অধিক টকা, গুজৰাটলৈ ৬০০ কোটি টকা আৰু তেলেংগানালৈ ৪১৭ কোটি টকা মোকলাই দিয়া হৈছে। চলিত বৰ্ষৰ বাৰিষা কালত অতিমাত্ৰা বৰষুণ, বান আৰু ভূমিস্খলনৰ ফলত এই ৰাজ্যসমূহ ক্ষতিগ্ৰস্ত হৈছিল। বানত ক্ষতিগ্ৰস্ত অসম, ...