October 12, 2025 12:25 PM
68
বাণিজ্য আৰু অর্থনৈতিক সহযোগিতাৰ চুক্তি ভাৰতৰ বৈদেশিক বাণিজ্য নীতিৰ উল্লেখনীয় পদক্ষেপ হিচাপে স্বীকৃত হৈছে
ভাৰত আৰু ইউৰোপীয় মুক্ত বাণিজ্য সংস্থাৰ মাজত চলিত মাহৰ পৰা কাৰ্য্যকৰী হোৱা বাণিজ্য আৰু অর্থনৈতিক সহযোগিতাৰ চুক্তি দেশৰ বৈদেশিক বাণিজ্য নীতিৰ উল্লেখনীয় পদক্ষেপ হিচাপে স্বীকৃত হৈছে। এই চুক্তিখন হৈছে চাৰিখন উন্নত ইউৰোপীয় দেশ, ছুইজাৰলেণ্ড, নৰৱে, আইচলেণ্ড আৰু লিচটেনষ্টাইনৰ সৈতে ভাৰতৰ প্ৰথমখন মুক্ত বাণিজ্য চুক্তি। উল্লেখযোগ্য যে, এই চুক্তিৰ জৰিয়তে ভাৰতত অহা ১৫ বছৰত ১০০ বিলিয়ন আমেৰিকান ডলাৰ বিনিয়োগ কৰাৰ লগতে প্ৰায় ১০ লাখ কৰ্ম-সংস্থাপনৰ সৃষ্টি কৰাৰ পৰিকল্পনা কৰা হৈছে।