September 6, 2025 1:34 PM September 6, 2025 1:34 PM

views 14

অহা ব’হাগ বিহুৰ পূৰ্বে ৰাজ্যৰ উচ্চতৰ মাধ্যমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত স্মার্ট ক্লাছ আৰম্ভ হ’ব

২০২৬ চনৰ ব'হাগ বিহুৰ পূৰ্বে ৰাজ্যৰ উচ্চতৰ মাধ্যমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়সমূহত স্মার্ট ক্লাছ আৰম্ভ হ'ব। তদুপৰি ছাত্ৰ-ছাত্ৰীসকলে কৃত্রিম বুদ্ধিমত্তা প্রযুক্তিৰে অধ্যয়নৰ সুবিধা লাভ কৰিব। তেজপুৰ বিশ্ববিদ্যালয়ত কালি শিক্ষক দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত অংশগ্ৰহণৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে চৰকাৰী বিদ্যালয়সমূহত ব্যক্তিগত বিদ্যালয়তকৈ আধুনিক সা-সুবিধা অধিক থাকিব। বিদ্যালয়ত ঐচ্ছিক বিষয়ৰ বাবে শিক্ষকৰ প্ৰয়োজন সন্দৰ্ভত ডাঃ পেগুৱে...