December 17, 2024 11:39 AM
14
অহা বছৰৰ পৰা ৮০ শতাংশ বা ততোধিক নম্বৰ লাভ কৰা ছাত্র-ছাত্রীকহে স্কুটী প্রদান কৰা হ’ব : মন্ত্ৰী ডাঃ ৰণোজ পেগু
ড০ বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত অহা বছৰৰ পৰা ৮০ শতাংশ বা ততোধিক নম্বৰ লাভ কৰা ছাত্র-ছাত্রীকহে স্কুটী প্রদান কৰা হ'ব বুলি শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে মন্তব্য কৰিছে। কালি মাজুলীত আনন্দৰাম বৰুৱা বঁটা প্ৰদান অনুষ্ঠানৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শিক্ষামন্ত্ৰীগৰাকীয়ে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে শিক্ষা বিভাগে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ন্যূনতম ৬০ শতাংশ নম্বৰ লাভ কৰি উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰাৰ লগতে উচ্চতৰ মাধ্যমিকত ৬০ শতাংশ নম্বৰ পোৱা ছাত্ৰী আৰু ৬৫ ...